গুৱাহাটী, ২৮ আগষ্ট ঃ অসম ৰাজ্যিক পি ডি এছ কেৰাচিন তেলৰ হকাৰ সন্থাই অহা ৩০ আগষ্টত গুৱাহাটীত আয়োজন কৰিবলৈ ওলোৱা ৰাজ্যিক পৰ্যায়ৰ বিশেষ সাধাৰণ সভাখন স্থগিত ৰখাৰ কথা প্ৰকাশ কৰিছে৷ আজি এই কথা অৱগত কৰিছে সন্থাৰ সভাপতি আলম পাটোৱাৰী, কাৰ্যকৰী সভাপতি জগদীশ চন্দ্ৰ ৰয়, উপ সভাপতি চৰন ইশ্ৰাৰীয়ে৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি ৩০ আগষ্টত গুৱাহাটীৰ ৰুক্মিণী গাঁও প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া সভাখন বিশেষ কাৰণবশত স্থগিত ৰাখিব লগীয়া হৈছে৷ আজি তেওঁলোকে সন্ধিয়া ৭ বজাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাসক সাক্ষাৎ কৰে৷ এই সাক্ষাতৰ পিছতে ৩০ আগষ্টত হ’বলগীয়া সভাখন স্থগিত ৰখাৰ কথা ঘোষণা কৰে৷