ৰাজ্যলৈ আন এক সুখবৰ ৷ বিশিষ্ট সাংবাদিক ডঃ সমুদ্ৰ গুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য হিচাপে নিযুক্তি দিয়া হৈছে ৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অনুমোদনমর্মে ৰাষ্ট্ৰপতিয়ে তেওঁক বিশ্ববিদ্যালয়খনৰ আচার্য হিচাপে নিযুক্তি প্ৰদান কৰে ৷ আগন্তুক ৫ বছৰৰ বাবে তেওঁক বিশ্ববিদ্যালয়খনৰ আচার্য হিচাপে নিযুক্তি দিয়া হৈছে ৷
কটন কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা ডঃ কাশ্যপে নতুন দিল্লীস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাচ-কমিনিকেচনৰ পৰা সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰে ৷ প্ৰান্তিক আলোচনীৰে কর্মজীৱন আৰম্ভ কৰা ডঃ কাশ্যপে আগশাৰীৰ ইংৰাজী সংবাদপত্ৰ হিন্দুস্তান টাইমছৰ সৈতে দুই দশকৰো অধিক কাল জড়িত আছিল ৷ সক্ৰিয় সাংবাদিকতাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ ৰাজ্যৰ তথ্য আয়ুক্ত হিচাপে কার্যনিবাহ কৰে ৷ তদুপৰি তেওঁ কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ সৈতে জড়িত ৷