বিজেপিৰ এজন পালিনেতাৰ দুস্কাৰ্যই নগাঁও জিলাৰ ধিঙৰ সাধাৰণ ৰাইজক হতবাক কৰি তুলিছে। দুলাল উদ্দিন নামৰ এই নেতাজনে নিশাৰ ভাগত ৰজাবাৰী গাঁৱৰ এগৰাকী মহিলাক ঘৰত স্বামী নথকাৰ সুযোগ লৈ বলাৎকাৰ কৰে।
অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰি অনুসৰি ঘটনাৰ সময়ত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়া আহি উপস্থিত হয় যদিও দুস্কাৰ্য সংঘটিত কৰি দুলাল উদ্দিন পলাই সাৰিবলৈ সক্ষম হয়।
বাতৰি অনুসৰি ভুক্তভোগী পৰিয়ালে থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে পলাতক দুলাল উদ্দিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
উল্লেখ্য যে পলাতক দুলাল উদ্দিন বিভিন্ন দুৰ্নীতিৰ লগতে হত্যাৰ গোচৰতো অভিযুক্ত বুলি একাংশ ৰাইজে অভিযোগ কৰিছে।
আনহাতে এনে এজন অভিযুক্তৰ উচিত বিচাৰ আৰু গ্ৰেপ্তাৰৰ দাবী কৰিছে পৰিয়াল তথা অন্যান্য সচেতন ৰাইজে।