ঋতু পৰ্ণ শৰ্মা,নগাঁও,৩১আগষ্ট :–গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ খাগৰিজান মহাবিদ্যালয়ত মঙলবাৰে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ দ্বাৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলা ভিত্তিক এখন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। কেৰম,ডবা আৰু ৰছী টনা প্ৰতিযোগিতাৰে অনুষ্ঠিত হোৱা নগাঁও জিলাৰ ১০খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰা ক্ৰীড়া প্ৰতিযোগিতাখনি উদ্বোধন কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে। প্ৰতিযোগিতাৰ ফলাফল অনুসৰি– কেৰম প্ৰতিযোগিতা (ল’ৰা)ত চেম্পিয়ন আৰু ৰানাৰ্চ আপ হয় ক্ৰমে নগাঁও জি. এন.দি. জি বাণিজ্য মহাবিদ্যালয় আৰু খাগৰিজান মহাবিদ্যালয়।
কেৰম প্ৰতিযোগিতা (ছোৱালী)ত চেম্পিয়ন আৰু ৰানাৰ্চ আপ হয় নগাঁও ছোৱালী মহাবিদ্যালয় । ডবা প্ৰতিযোগিতা (ল’ৰা)ত চেম্পিয়ন আৰু ৰানাৰ্চ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ক্ৰমে নগাঁও মহাবিদ্যালয় আৰু নগাঁও জি. এন.দি. জি বাণিজ্য মহাবিদ্যালয়। ডবা প্ৰতিযোগিতা (ছোৱালী)ত চেম্পিয়ন আৰু ৰানাৰ্চ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ক্ৰমে ৰহা মহাবিদ্যালয়ে আৰু নগাঁও ছোৱালী মহাবিদ্যালয় । ৰছী টনা প্ৰতিযোগিতা (ল’ৰা)ত চেম্পিয়ন আৰু ৰানাৰ্চ আপৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে ৰহা মহাবিদ্যালয় আৰু খাগৰিজান মহাবিদ্যালয়। ৰছী টনা প্ৰতিযোগিতা(ছোৱালী)ত চেম্পিয়ন আৰু ৰানাৰ্চ আপ খিতাপ দখল কৰিবলৈ সক্ষম হয় ক্ৰমে নগাঁও ছোৱালী মহাবিদ্যালয় আৰু নগাঁও জি. এন.দি. জি বাণিজ্য বাণিজ্য মহাবিদ্যালয়। বিয়লি ৪ঃ৩০ বজাত অনুষ্ঠিত বঁটা বিতৰণী সভাত নগাঁও জিলাৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটসমূহৰ সমন্বয় বিষয়া ড° ভূৱন চন্দ্ৰ চেতিয়াই মুখ্য অতিথি ৰূপে উপস্থিত থাকে । অনুষ্ঠানত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ আঁচনি বিষয়া (Programme Officer) ড° অমিয়া পাটৰে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । সভাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয় ।