সলনি হোৱা নাই ৰাজ্যৰ একাংশ আৰক্ষীৰ খকুৱা স্বভাৱ ৷ এইবাৰ ধনদাবী কৰি চিআইডিৰ জালত পৰিছে বজালীৰ ডিএছপিসহ কেইবাজনো আৰক্ষী বিষয়া-জোৱান ৷
বজালীৰ ডিএছপি পুস্কল গগৈ,এছ আই তথা পাটাচাৰকুচি আৰক্ষী থানাৰ অ’চি অনুপ জ্যোতি পাটিৰিএছ আই (পি) দেবাজিত গিৰি, পাটাছাৰকুছিৰ এ এছ আই শশাংক দাস , কনিষ্টবল ইনজামামুল হাছান, গৃহৰক্ষী দীপজয় ৰয়, বজালীৰ এছ পিৰ ঠিকাভিত্তিক গাড়ীচালক নবিৰ আহমেদক চিআইডিয়ে যোৱা নিশা আটক কৰিছে ৷ এক টুইট যোগে এই কথা সদৰী কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ৷
উল্লেখ্য যে আগষ্ট মাহৰ প্ৰথম সপ্তাহত বজালী আৰক্ষীৰ একাংশ আৰক্ষী বিষয়াই ধন দাবী কৰা বুলি অভিযোগ লাভ কৰিছিল অসম আৰক্ষীৰ মুখ্য কার্যালয়ে ৷ ইয়াৰ পাছতে দুর্নীতি নিবাৰকক তদন্ত কৰিবলৈ নির্দেশ দিয়া হয় ৷ কিন্তু আৰক্ষী বিষয়াসকল সাৱধান হোৱাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰাত সফল হ’ব পৰা নাছিল। কিন্তু অভিযোগটো প্ৰাথনিক তদন্ততে সচাঁ বুলি প্ৰমাণিত হোৱাৰ পাছত ৩১ আগষ্টত চিআইডিয়ে ১৪/২০২৩ নম্বৰৰ গোচৰৰ ৰুজু কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি ডিএছপি পুস্কল গগৈয়ে এটা ছিণ্ডিকেট চক্ৰৰ পৰা দুই কোটিতকৈয়ো অধিক ধন লৈছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ আনকি ধন নিদিলে এনকাউণ্টাৰ কৰাৰ ভাবুকি দিছিল বুলিও অভিযোগ উঠিছে ৷ চিআইডিয়ে তেওঁলোকক সোধাপোচা অব্যাহত ৰাখিছে ৷ আজিৰ ভিতৰতে আটাইকেইজন অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷