উচ্চেদক লৈ আজি পুৱাই উত্তপ্ত হৈ পৰিল মহানগৰীৰ শিলসাঁকো ৷ আৰক্ষী প্ৰশাসনক বাধা দিবলৈ ওলাই আহে স্থানীয় একাংশ মহিলা ৷ কেবল বাধা দিয়াই নহয়, সকলো সীমা অতিক্ৰমি একাংশ মহিলাই অর্ধ-উলংগ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
জানিব পৰা মতে শুকুৰবাৰে পুৱাই প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ শিলসাঁকোত উপস্থিত হয় ৷ কিন্তু আৰক্ষী-প্ৰশাসনক বাধা দিবলৈ চেষ্টা কৰে শিলসাঁকোবাসীয়ে ৷ কিন্তু প্ৰতিবাদকাৰীৰ বাধাকো নেওচি উচ্ছেদ অভিযান চলাবলৈ আৰক্ষী – প্ৰশাসনে আৰম্ভ কৰে ৷ বছৰ বছৰ ধৰি বাস কৰি অহা নিজৰ আপোন ঘৰখন ৰক্ষা কৰাৰ স্বাৰ্থত উপায়ন্তৰ হৈ একাংশ মহিলা প্ৰতিবাদকাৰীয়ে অৰ্ধ উলংগ হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ দেহৰ কাপোৰ খুলি আৰক্ষী-প্ৰশাসনক বাধা দিবলৈ চেষ্টা কৰে মহিলা প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰ পাচতে আৰু অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিলসাঁকোত ৷
আৰক্ষীয়ে চোঁচৰাই আটক কৰে একাংশ প্ৰতিবাদকাৰীক ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে শতাধিক প্ৰতিবাদকাৰীক ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজৰ খণ্ডযুদ্ধত আহত হৈছে কেবাগৰাকীও আৰক্ষী ৷ জানিব পৰা মতে, আহত আৰক্ষীকেইগৰাকীক চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ৷আজি শিলসাঁকোত প্ৰায় ২০০ টা পৰিয়ালৰ ওপৰত প্ৰশাসনৰ বুলড’জাৰ চলিব বুলি জানিব পৰা গৈছে ৷ ১০০ বিঘা ভূমি বেদখল কৰাৰ লক্ষ্য বান্ধি লৈছে প্ৰশাসনে ৷