প্ৰচুৰ সম্ভৱনাময় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউদ উদ্যোগত চলি থকা ড্ৰাগছৰ বৃ্হৎ কেলেংকাৰী পোহৰলৈ আহিছিল। এজনৰ পিছত আন এজন অভিনেতা ড্ৰাগছ সেৱন তথা সৰবৰাহৰ গোচৰত অভিযুক্ত হৈছিল।
সমগ্ৰ বলীউদ উদ্যোগ ড্ৰাগছে ছানি ধৰাত বৰ্তমানেও এই কেলেংকাৰীৰ অনুসন্ধান চলি আছে।এনে অনুসন্ধানৰ ফলতেই পুনৰ আৰক্ষীৰ জালত পৰিছে অন্য এগৰাকী অভিনেত্ৰী, কছমেটিক উদ্যোগপতি ছোনিয়া আগৰৱালা।
ছোনিয়া আগৰৱালাৰ লগতে আৰু এগৰাকী উদ্যোগপতি ভাৰত আৰু ডি জে ভাছান ছিনাপ্পাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ইতিমধ্যে তিনিও গৰাকীৰ বাসভৱনত আৰক্ষীয়ে তালাচী চলাইছে।
কৰ্ণাটকৰ ৰাজধানী বেংলুৰুত সোমবাৰে তিনিওগৰাকীকে ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।খবৰ অনুসৰি আৰক্ষীয়ে তিনিওৰে ঘৰত তালাচী চলোৱাৰ পিছত আটক কৰি জেৰা কৰে আৰু তাৰপিছতেই গ্ৰেপ্তাৰ কৰে।
উল্লেখ যোগ্য যে ১২ আগষ্টৰ দিনা কেইবালাখ টকা মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল আফ্ৰিকীয় নাগৰিক টমাছক। আৰু টমাছক কৰা জেৰাৰ অন্তত লাভ কৰা তথ্যৰ আধাৰত সোমবাৰে আৰক্ষীয়ে তালাচী চলাই তিনিওকে গ্ৰেপ্তাৰ কৰে।
ইফালে ধনৰ অবৈধ লেন-দেনৰ গোচৰত সোমবাৰে এনফৰ্চমেন্ট সঞ্চালকালয়ে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা শ্ৰীলংকাৰ সুন্দৰী জেকুলিন ফাৰ্নাণ্ডেজকো দিল্লীত প্ৰায় ছঘন্টা সময় জেৰা কৰে।
অভিনেত্ৰী গৰাকীক কৰা জেৰাৰ পিছত সমগ্ৰ দেশজুৰি চৰ্চা চলিছে যে বলীউদৰ প্ৰায়ভাগ শিল্পী কলা-কুশলীক ড্ৰাগছেহে অক্সিজেন যোগান ধৰি আছে নেকি?