জি-২০ শীৰ্ষ সন্মিলনলৈ এসপ্তাহ বাকী। তাৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ‘বিশ্ব গুৰু’ ভাবমূৰ্তি বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ৱাশ্বিংটনৰ গৱেষণা সংস্থা “পিউ ৰিচাৰ্চ”ৰ সমীক্ষাৰ প্ৰতিবেদন এই সপ্তাহতে প্ৰকাশ পাইছে। এই প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয়ৰ মাজত মোডীৰ ভাবমূৰ্তি শীৰ্ষত থাকিলেও আন্তঃৰাষ্ট্ৰীয় মহলত নাই । বিশেষকৈ আমেৰিকা আৰু ইউৰোপত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নামটোও নুশুনা নাগৰিকৰ সংখ্যা বিপুল।
যোৱা ৯ বছৰত মোডীয়ে বাৰে বাৰে আমেৰিকালৈ গৈ নাগৰিকৰ সৈতে মত বিনিময় কৰিবলৈ চেষ্টা কৰিছে ৷ তেওঁৰ এই চেষ্টা প্ৰৱাসী ভাৰতীয়ৰ মাজত সীমিত হৈয়ে আছে। সমীক্ষা অনুসৰি আমেৰিকাৰ ৪০ শতাংশ জনসাধাৰণে নৰেন্দ্ৰ মোডীৰ নামো শুনা নাই।
ইউৰোপত পৰিস্থিতি আৰু বেয়া। এক সমীক্ষা অনুসৰি ২০০৮ চনত ৭০ শতাংশ ফৰাচী লোকৰ ভাৰতৰ প্ৰতি ভাল মতামত আছিল। মোডীৰ দিনত ৩৯ শতাংশলৈ ই হ্ৰাস পাইছে। মন কৰিবলগীয়া যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা মে’ মাহলৈকে ২৪খন দেশৰ লোকৰ সৈতে কথা পাতি এই সমীক্ষাটো কৰা হৈছে।