উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পাছতে মণিপুৰৰ উত্তপ্ত পৰিস্থিতি সন্দর্ভত চিবিআইয়ে ৰুজু কৰা গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ গুৱাহাটীৰ তিনিখন আদালতক দায়িত্ব অর্পণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ এক জাননীযোগে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰা অনুসৰি চিবিআইয়ে ৰুজু কৰা গোচৰসমূহৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটীস্থিত চিবিআই-নিয়াৰ বিশেষ আদালত, কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আৰু অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৷
উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অনুমোদনমর্মে এই আদালতসমূহক গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ দায়িত্ব অর্পণ কৰা হৈছে ৷ উল্লেখ্য যে মণিপুৰৰ ঘটনাৱলী সন্দর্ভত উচ্চতম ন্যায়ালয়ে গোচৰ গ্ৰহণ কৰিছিল ৷ ইয়াৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে চিবিআইৰ গোচৰসমূহৰ শুনানি অসমৰ আদালতত অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছিল ৷