হোষ্টেলৰ তিনিজন কর্মচাৰীক প্ৰহাৰ কৰা কার্যত জড়িত হৈ থকা ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে শিলচৰস্থিত নেচনেল ইনষ্টিটিউট অৱ টেকনলজী চমুকৈ এনআইটি কতৃপক্ষই ৷ অন্তৱর্তীকালীন তদন্তৰ অন্তত ১২ জন শিক্ষার্থীক ১০ হেজাৰ টকাকৈ জৰিমনা বিহা হৈছে ৷
ইফালে আন চাৰিজন ছাত্ৰক বহিস্কাৰ কৰা হৈছে ৷ দুটা ষান্মসিকৰ বাবে তেওঁলোকক বহিস্কাৰ কৰা হৈছে ৷ ২০২৪ চনৰ জুলাই পর্যন্ত এই শিক্ষার্থীকেইজনক বহিস্কাৰ কৰা হৈছে ৷ সৌৰভ কুমাৰ মীনা ,হিমাংশু, ৰোহিত কুমাৰ মীনা আৰু জুবেইৰ মহম্মদ প্ৰতীমক বহিস্কাৰ কৰা হৈছে ৷ শাস্তিৰ সন্মুখীন হোৱা আটাইকেউজন শিক্ষার্থী বয়জ হোষ্টেল-৪ ৰ আৱাসী ৷
উল্লেখ্য যে শেহতীয়াকৈ হোষ্টেলখনৰ ছাত্ৰকেইজনে তিনিজন অস্থায়ী কর্মচাৰীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল ৷ মোবাইল আৰু ধন চুৰিৰ অভিযোগত কর্মচাৰীকেজনক প্ৰহাৰ কৰা ভিডিঅ’ ইন্টাৰনেটত ভাইৰেল হৈ পৰিছিল ৷ কিন্তু প্ৰাথমিক তদন্তত অস্থায়ী কর্মচাৰীসকলৰ বিৰুদ্ধে অনা অভিযোগ ভিত্তিহীন বুলি প্ৰমাণিত হয় ৷