“ জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে এতিয়া বুলডজাৰ লগাই শিলসাকোঁত উচ্চেদ কৰিছে । আজি শিলসাকোঁত কান্দোনত পৰিয়াল ভাগি পৰিছে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মানুহৰ বাসস্থানক লৈ যি অত্যাচাৰ কৰিছে ইয়াৰ হিচাপ তেও দুদিন দেৰিকৈ হলেও পাব ।“ –এই মন্তব্য অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ৷
আজি শিলসাকোৰ উচ্চেদ স্থলীত উপস্থিত হৈ বৰঠাকুৰে কয় যে অশোক সিংহল আৰু নাৰায়ন ডেকাই এতিয়া অসমীয়াৰ ভৱিষ্যত আৰু ভাগ্য নিৰ্নয় কৰিব ? এইবোৰ মাটি যদি বেদখলেই আছিল তেন্তে চৰকাৰে লাইট , পানী , ৰাস্তা ,নামঘৰ , সাংসদৰ উন্নয়ণ পুজি , জি এম চি হল্ডিং নম্বৰ কিয় দিছিল ? দুই তিনি মহলীয়া বিল্ডিং বনাইছে , কবুলা দিছে তেনেস্থলত আকৌ বুলডজাৰ কাৰ স্বাৰ্থত ? নে বহিঃৰাজ্যৰ বনিয়াক পানী দৰত মাটি চমজাই ব্যৱসায়ৰ আখৰা চলিছে নেকি বুলিও বৰঠাকুৰে প্ৰশ্ন উত্থাপন কৰে ৷
তেওঁ কয় – ‘জলাশয় যদি সংৰক্ষণ কৰিব লাগে তেন্তে জিঞ্জাৰ , আজমলৰ মাটিত বুলডজাৰৰ হাতুৰি কিয় পৰা নাই ? বৃটিছতকৈয়ো স্বেচ্চাচাৰী চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ! হিমন্ত বিশ্ব শৰ্মাই এই পৰিয়ালসমুহৰ চকুপানীৰ মূল্য এদিন ভৰিব লাগিব ! মুখ্যমন্ত্ৰীয়ে কোনো জাননী নিদিয়াকৈ ,অলপো সময় নিদিয়াকৈ , আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কিয় অত্যাচাৰ কৰিছে ই এক বৃহৎ প্ৰশ্ন ?”
অসম প্ৰদেশ মহিলা কংগ্ৰেছে এই অবিবেচকী কাণ্ডক গৰিহণা দিয়াৰ লগতে এই পৰিয়ালসমূহক ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷