কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আজি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে ডঃ শর্মাই ৷ এক টুইটযোগে এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেৰে হোৱা বৈঠকৰ সময়ত ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা সম্পূর্ণৰূপে প্ৰত্যাহাৰ কৰা সন্দর্ভত গুৰুত্ব আৰোপ কৰা হৈছে ৷ পৰৱর্তী সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰামর্শ অনুসৰি আফস্পা প্ৰত্যাহাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে ৷
উল্লেখ্য যে ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰা হৈছে ৷ কিন্তু উজনিৰ কেইববাখনো জিলাত আফস্পা বলবৎ হৈ আছে ৷ বিশেষকৈ আলফা (স্বাধীন)ৰ প্ৰভাৱ থকা জিলাসমূহত অব্যাহত আছে আফস্পা ৷