ৰাজ্যত পুনৰ গুৰুতৰ ৰূপ ধাৰণ কৰিছে আফ্ৰিকান ছোৱাইন ফ্লুৱে ৷ যাৰ বাবে ৰাজ্যজুৰি গাহৰিপালকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিশেষকৈ লখিমপুৰত এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ যাৰ বাবে জিলাখনত আৰম্ভ হৈছে গাহৰি নিধন অভিযান ৷
সোমবাৰে লখিমপুৰৰ বিভিন্ন প্ৰান্তত ৩০০ টা গাহৰি নিধন কৰা হয় ৷ পশুচিকিৎসা বিভাগৰ নির্দেশত জিলাখনৰ পশু চিকিৎসকসকলে গাহৰি নিধন কৰে ৷ ছোৱাইন ফ্লু ৰোগ যাতে জিলাখনৰ অধিক স্থানলৈ সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে নিধনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
জিলাখনত এই ৰোগৰ সংক্ৰমণ হোৱা স্থানসমূহ চিনাক্ত কৰি ২৫ জনীয়া এটা পশু চিকিৎসকৰ দলে গাহৰি নিধন অভিযান চলায় ৷ লখিমপুৰৰ সমীপৱর্তী লামু গাৱঁত তিনি শতাধিক গাহৰি নিধন কৰা হয় ৷ বৈদ্যুতিক শ্ব’ক দি গাহৰিসমূহ নিধন কৰা হৈছে ৷ মুঠ ৯০৬ টা গাহৰি নিধনৰ লক্ষ্যৰে চিকিৎসকসকলে এই অভিযান আৰম্ভ কৰিছে ৷ গাহৰি নিধনৰ ফলত জিলাখনৰ গাহৰিপালকসকল লোকচানৰ সন্মুখীন হৈছে ৷