ভদীয়া বানৰ কৱলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ২২৩ টা বনশিবিৰৰ ১২৫ টাই জলমগ্ন হৈ পৰিছে। মঙ্গলবাৰেও বান পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন হোৱা নাই।
তথ্য অনুসৰি বানৰ কৱলত পৰা উদ্যানখনৰ পৰা কাৰ্বি পাহাৰলৈ গতি কৰাৰ সময়তে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে গাড়ীৰ খুন্দাত তিনিটা পহুৰ মৃত্যু হৈছে। আন কাৰণতো আৰু এটা পহুৰ মৃত্যু ঘটে।
কাজিৰঙাৰ প্ৰায় ৭০ শতাংশ অঞ্চলেই বৰ্তমান জলমগ্ন হৈ আছে বুলি জানিবলৈ পোৱা গৈছে। উদ্যানখনৰ ওখ স্থান সমুহৰ বাদে অধিকাংশ এলেকাই এতিয়া বানৰ কৱলত৷ বুঢ়া পাহাৰ, বাগৰি, কহঁৰা, অগৰাতলিৰ লগতে উত্তৰ পাৰ বনাঞ্চলো বৰ্তমান বাঢ়নী পানীৰ কৱলত পৰিছে।
আনহাতে পৰ্যটক পথ, পেট্ৰলিং পথ সকলো এতিয়া পানীৰ তলত। যাৰ বাবে বনকৰ্মী সকলে নাৱেৰে নিজৰ কৰ্তব্য পালন কৰিছে। ইফালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি একাংশ বন্যজন্তুৱে কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰলৈ গতি কৰিছে। সেয়েহে বন্যজন্তুক নিৰাপদে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাবলৈ বনকৰ্মীসকলে ২৪ ঘণ্টাই কৰ্তব্যত নিয়োজিত হৈ আছে৷
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰেছ বিবৃতি জাৰি কৰিছে। এই বিবৃতি মতে, কাজিৰঙাত বান পৰিস্থিতি সামান্য নোহোৱালৈকে গধুৰ বাহনসমূহৰ চলাচলৰ সন্দৰ্ভত কিছু বিশেষ নিৰ্দেশ দিয়া হৈছে।
নিৰ্দেশ অনুসৰি উজনি অসমৰ পৰা যাব লগা বাহনসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল দলং হৈ উত্তৰ অসম হৈ নামনি অসমলৈ যাব লাগিব।
নামনি অসমৰ পৰা যাব লগা বাহনসমূহ শৰাইঘাট দলঙেৰে বাইহাটালৈ, তাৰপাছত বগীবিল দলঙেৰে উজনি অসমলৈ যাব পাৰিব। লগতে, ৰঙীয়াৰ পৰা বাইহাটালৈ তাৰ পাছত বগীবিল দলঙেৰে উজনি অসমলৈ যাব লাগিব।
যিসমূহ বাহন উজনি অসমলৈ গুৱাহাটী হৈ যাব, তেওঁলোক প্রথমে গুৱাহাটী পাৰ হৈ কলিয়াভোমোৰা দলং হৈ উত্তৰ অসমৰ পৰা বগীবিল হৈ উজনি অসমলৈ যাব লাগিব। ইয়াৰ সমান্তৰলাকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যজন্তুৰ সুৰক্ষাৰ বাবে বাহনসমূহৰ টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে।