” এজন ভাল শিক্ষকে ছাত্ৰ সকলৰ মন সেই বিষয়ৰ প্ৰতি কেনেকৈ আকৃষ্ট কৰিব পাৰি সেই কথা জনা উচিত। তেওঁৰ নিজৰ ক্ষেত্ৰৰ বিষয়ে শেহতীয়া তথ্য আৰু জ্ঞান আহৰণ কৰি তেওঁ সদায় সেই বিষয় সম্পৰ্কত জনা-শুনা ব্যক্তি হৈ থাকিব লাগে। এজন শিক্ষক জ্ঞানৰ চমকপ্ৰদ জগত খনৰ এজন নিৰলস সাধক হোৱা উচিত ” — ( সৰ্বপল্লী ৰাধাকৃষ্ণণ )
আজি শিক্ষক দিৱসত সকলো শিক্ষা গুৰুলৈ আন্তৰিক শ্ৰদ্ধা জঁনাইছো। প্ৰত্যেক বছৰৰ পাঁচ ছেপ্তেম্বৰৰ দিনটোত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ’ৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। অসমৰ প্ৰতিখন বিদ্যালয় , মহাবিদ্যালয় , বিশ্ববিদ্যালয় সমূহত শিক্ষক দিৱস পালন কৰা হয় প্ৰতি বছৰে।
ভাৰতৰ এজন ৰাষ্ট্ৰপতিৰ বিষয়ে , বিখ্যাত দাৰ্শনিক বাট্ৰাণ্ড ৰাছেলে মন্তব্য কৰিছিল ,” ভাৰতেই হ’ল আধুনিক বিশ্বৰ প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দেশ , যাৰ ৰাষ্ট্ৰপতি পদ শুৱনি কৰিছে এজন প্ৰখ্যাত দাৰ্শনিকে। আমাৰ সমগ্ৰ দাৰ্শনিক সম্প্ৰদায়ৰ বাবে ই হ’ল এক পৰম গৌৰৱৰ বিষয়!” ভাৰতৰ সেই ৰাষ্ট্ৰপতিজন হ’ল সৰ্বপল্লী ৰাধাকৃষ্ণণ। তেওঁ ভাৰতৰ প্ৰথম গৰাকী উপ ৰাষ্ট্ৰপতি আছিল আৰু ড° ৰাজেন্দ্ৰ প্ৰসাদৰ পিছত ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰখ্যাত দাৰ্শনিকৰ উপৰিও এজন কৃতি শিক্ষক আৰু নিৰ্ভীক কূটনীতিবিদ হিচাপেও তেওঁৰ অশেষ খ্যাতি আছিল।
১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰত তামিলনাডুৰ তিৰুট্টানি নামৰ এখন নগৰত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয়। তেখেতৰ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাকৰ নাম আছিল সীতাম্মা। সৰ্বপল্লী ৰাধাকৃষ্ণণ সৰুৰে পৰাই মেধাৱী আৰু ভাবুক প্ৰকৃতিৰ আছিল। ঘৰুৱা অৱস্থা সিমান টনকিয়াল নথকাৰ বাবে পঢ়ি থকা অৱস্থাত বৃত্তি পোৱা মাননীৰে পঢ়াৰ খৰচ বহন কৰিব লগীয়া হৈছিল।
১৯০০ চনৰ পৰা ১৯০৪ চনলৈ ৰাধাকৃষ্ণণে ভেলোৰৰ এলিজাবেথ ৰোডমান ভূৰীছ কলেজত অধ্যয়ন কৰে। ১৯০৪ চনত সৰ্বপল্লী ৰাধাকৃষ্ণণ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত ভৰ্তি হয়। তেখেতে ।মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা দৰ্শণ বিভাগত অনাৰ্চ সহ বি এ আৰু এম-এ ডিগ্ৰী লাভ কৰে। ডক্টৰেট উপাধি লাভ কৰাৰ পিছত ১৯০৯ চনত তেখেতে মাদ্ৰাজৰ প্ৰেছিডেন্সী কলেজত অধ্যাপক হিচাপে যোগদান কৰিছিল। কৰ্মজীৱনৰ সময়ছোৱাত তেখেতে মানচেষ্টাৰ কলেজ , অক্সফৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য হিচাপে শিক্ষাদান কৰি জ্ঞানৰ পোহৰ বিলাই যাবলৈ সক্ষম হৈছিল।
স্বাধীন ভাৰতত ৰাধাকৃষ্ণণে ইউনেস্ক’ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৫১ চনলৈকে ইউনেস্ক’ত ভাৰতৰ প্ৰতিনিধি দলৰ মূৰব্বীৰ দায়িত্ব পালন কৰিছিল। ভাৰত স্বাধীন হোৱাৰ পিছত নেহেৰু চৰকাৰে শিক্ষা সংস্কাৰৰ প্ৰয়োজনীয়তা উপলদ্ধি কৰি ‘বিশ্ববিদ্যালয় আয়োগ ‘ গঠন কৰিলে আৰু ৰাধাকৃষ্ণণ এই শিক্ষা আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
সৰ্বপল্লী ৰাধাকৃষ্ণণে বহুতো উপাধিও লাভ কৰিছিল। ১৯৩১ চনত তেখেতে নাইট উপাধি লাভ কৰে। ১৯৫৪ চনত ভাৰত চৰকাৰে তেখেতক ভাৰত ৰত্ন উপাধি প্ৰদান কৰে।
ইয়াৰ উপৰিও তেখেত স্বাধীন ভাৰতৰ সংবিধান ৰচনা কমিটিৰ এগৰাকী অন্যতম সদস্য আছিল। ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ দুটা কাৰ্যকালৰ বাবে তেখেত প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাধাকৃষ্ণণ বিখ্যাত দাৰ্শনিক , এজন সুদক্ষ ৰাজনৈতিক নেতা আছিল যদিও তেখেতে নিজকে শিক্ষক হিচাপে পৰিচয় দিবলৈহে ভাল পাইছিল। জীৱনৰ প্ৰায় ৪০ বছৰ ছাত্ৰ-ছাত্ৰীৰ উন্নতিৰ বাবে নিজকে উৰ্চগা কৰা এজন আদৰ্শ শিক্ষক আছিল ৰাধাকৃষ্ণণ। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত কিছু সংখ্যক বন্ধু আৰু ছাত্ৰই তেখেতৰ জন্মদিনটো উলহ-মালহৰে পালন কৰিবলৈ বিচৰাত ৰাধাকৃষ্ণণে জনালে যে তেওঁ নিজকে এজন ৰাষ্ট্ৰপতি বা কূটনীতিবিদ অথবা দাৰ্শনিক হিচাপে পৰিচয় দিয়াতকৈ এজন শিক্ষক হিচাপেহে পৰিচয় দিবলৈ ভাল পায় আৰু নিজৰ জন্ম দিনটো সমগ্ৰ শিক্ষক সমাজৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই ‘ শিক্ষক দিৱস ‘ হিচাপে উদযাপন কৰিলে তেওঁ বেছি সুখী হ’ব । আৰু ১৯৬২ চনৰ পৰা প্ৰতিজন শিক্ষাগুৰুক সন্মান জঁনাই তেখেতৰ জন্মদিন ৫ ছেপ্তেম্বৰত শিক্ষক দিৱস উদযাপন কৰি অহা হৈছে।
এইজনা মহান দাৰ্শনিক , ৰাজনীতিবিদ , শিক্ষাবিদ , চিন্তাবিদৰ ১৯৭৫ চনৰ ১৭ এপ্ৰিলত মৃত্যু হয়।
এলডুছ হাক্সলীয়ে ড° ৰাধাকৃষ্ণণৰ বিষয়ে এনেদৰে কৈছিল ” তেওঁ শব্দ আৰু নিঃশব্দ – উভয় ক্ষেত্ৰৰে এজন মাষ্টাৰ!” ( He is the master of words and no words )
সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মহান আদৰ্শ , চৰম ত্যাগ ভাৰতবাসীৰ মাজত সদায় জীয়াই আছে আৰু সদায় জীয়াই থাকিব। তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ কামনাৰে শিক্ষক দিৱসৰ এই পৱিত্ৰ ক্ষণত প্ৰতিজন শিক্ষা গুৰুলৈ জঁনালো আন্তৰিক শ্ৰদ্ধা আৰু শত সহস্ৰ প্ৰণাম।