গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷এগৰাকী ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা চলায় এজন যুৱকে ৷ প্ৰাপ্ত তথ্য অনুসৰি আইন মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকীৰ শ্লীলতা হানি কৰিবলৈ চেষ্টা কৰে ছাইখুল আলম নামৰ এজন যুৱকে ৷
সোমবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। ঘটনাৰ পাছতেই ছাইখুলক বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী আৰু একাংশ ছাত্ৰই আটক কৰি গতাই দিয়ে জালুকবাৰী আৰক্ষীক। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীয়ে ।
তদুপৰি থানাত এজাহাৰ দাখিল কৰিছে আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়াইয়ো । ইয়াৰ লগে লগে সমগ্ৰ বিশ্ববিদ্যালয় চৌহদতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিশ্ববিদ্যালয় চৌহদত শিক্ষার্থীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ৷