তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তর্গত বৰডিৰাক তিনিআলিত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা ৷ এখন ট্ৰাক আৰু এখন যাত্ৰীবাহী মেজিক বাহনৰ মাজত মুখামুখি সংঘর্ষৰ ফলত ৭ জন লোকে থিতাতে প্ৰাণ হেৰুৱাই ৷ তদুপৰি আহত হয় ১২ জন লোক ৷
আহত সকলক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভর্ত্তি কৰোৱা হয় ৷ উন্নত চিকিৎসাৰ বাবে ৮ জন ৰোগীক ডিব্ৰুগড়ৰ এএমচিএইচলৈ প্ৰেৰণ কৰা হয় ৷ইয়াৰে ৪গৰাকীক আইচিইউত ৰাখি চিকিৎসা প্ৰদান কৰা হয় ৷ নিহত লোককেইজন হৈছে পৱন মৰান, মিহিধৰ নেওগ, কুলাই মেচ যাদৱ টাই , বিনীতা বৰুৱা , ৰীণা গগৈ আৰু পল্লৱী ৰাভা ৷
প্ৰাপ্ত তথ্য অনুসৰি ডুমডুমা বজাৰ সামৰি মেজিক খনেৰে লোকসকল ঘৰলৈ উভতি আহিছিল ৷ সেই সময়ত অৰুণাচলৰ পৰা কাকপথাৰ অভিমুখে আহি থকা ট্ৰাকখনেৰে সংঘর্ষ হয় মেজিকখনৰ ৷ লগে লগে মেজিক খন চুৰমাৰ হৈ পৰাৰ লগতে যাত্ৰীসকল চিটিকি পৰে ৷ লগে লগে ৭ জন যাত্ৰীৰ মৃত্যু ঘটে ৷ আৰক্ষীয়ে ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰিছে ৷ ট্ৰাকখনৰ চালক জন সুৰামত্ত অৱস্থাত আছিল বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে ৷