এয়াৰ হোষ্টেজক দুর্ব্যৱহাৰ কৰাৰ বাবে বিমানৰ পৰা নমাই দিয়া হ’ল শিলচৰৰ কৈৱর্ত উন্নয়ন পৰিষদৰ নেতা সুজিত দাস চৌধুৰীক ৷ তেওঁৰ লগতে আন ১০ জন লোককো বিমানৰ পৰা নমাই দিয়া হয় ৷ মঙলবাৰে শিলচৰ বিমানবন্দৰত এই ঘটনা সংঘটিত হয় ৷
জানিব পৰা মতে কালি শিলচৰৰ পৰা কলকাতা অভিমুখে ৰাওনা হোৱাৰ সময়তে এলায়েন্স এয়াৰলাইনছত এই ঘটনা সংঘটিত হয় ৷ বিমানখনৰ উৰণৰ পূর্বে সকলো যাত্ৰীকে বিধিসন্মত নীতি অনুসৰি মোবাইল ফোন আৰু ইলেক্ট্ৰনিক গেজেটসমূহ বন্ধ কৰিবলৈ এয়াৰ হোষ্টেজে অনুৰোধ জনায় ৷ কিন্তু সুজিত দাস চৌধুৰীয়ে সেই কথা অমান্য কৰি ফোনত কথা পাতি থাকে ৷ লগে লগে তেওঁক এয়াৰ হোষ্টেজে ব্যক্তিগতভাৱে আহি মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনায় ৷ মোবাইল ফোন বন্ধ কৰাৰ পৰিৱর্তে সুজিতে এয়াৰ হোষ্টেজৰ লগত তর্কতর্কিত লিপ্ত হয় ৷ যাৰ বাবে অৱশেষত সুজিত দাস চৌধুৰীক বিমানৰ পৰা নামি যাবলৈ নির্দেশ দিয়া হয় ৷ ইয়াৰ প্ৰতিবাদ সাৱ্যস্ত কৰে সুজিতৰ লগত থকা আন ১০ যাত্ৰীয়ে ৷ তেওঁলোককো বিমানৰ পৰা নামি যাবলৈ নির্দেশ দিয়া হয় ৷
বিমান আইন ভংগৰ অপৰাধত সুজিত দাসক গ্ৰেপ্তাৰ কৰা হৈছে ৷ উল্লেখ্য যে শিলচৰৰ পৰৱর্তী সাংসদ পদৰ প্ৰার্থী সুজিত দাস চৌধুৰী হ’ব পাৰে বুলি চর্চা চলি আহিছে ৷ শিলচৰ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱাৰ লগে লগে সুজিত দাস চৌধুৰীয়ে প্ৰার্থীত্ব লাভ কৰাটো প্ৰায় নিশ্চিত বুলিও চর্চা চলি আহিছে ৷ কিন্তু এই নেতাজনে বিমানত সংঘটিত কৰা কার্যই সকলোকে হতচকিত কৰি তুলিছে ৷