আৰক্ষী যিমানে কঠোৰ নহঁওক কিয় অপৰাধীয়ে যেন কেৰেপ নকৰে ৷ স্মার্ট আৰক্ষীৰ ছত্ৰচায়াত থাকিলেও যেন অলপো সুৰক্ষিত নহয় মহানগৰবাসী ৷ আনকি ঘৰৰ পৰা ওলাবলৈয়ো যেন ভয় কৰা হৈছে মহানগৰীৰ একাংশ বাসিন্দা ৷ কাৰণ এতিয়া মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰিছে চিলনী চোৰে ৷ পুনৰ এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিলে চোৰে ৷ এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ ৰাজধানী মছজিদৰ সমীপৰ দেৱদাৰু পথত ৷
প্ৰাপ্ত তথ্য অনুসৰি উমা আয়াৰ নামৰ এগৰাকী মহিলা আজি বজাৰ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল ৷ সেই সময়তে বাইকত অহা দুই দুবৃর্ত্তই তেওঁৰ ডিঙিৰ চেইন কাঢ়ি উধাও হয় ৷ ইয়াৰ পাছতে উপায়ন্তৰ হৈ তেওঁ দিছপুৰ আৰক্ষীৰ কাষ চাপে ৷ অনুৰূপ ঘটনা সংঘটিত হৈছে গণেশগুৰিৰ নয়নপুৰতো ৷পুতলী ডেকা নামৰ এগৰাকী মহিলাৰ চেইন কাঢ়ি লৈ যায় দুবৃর্ত্তই ৷ এনেধৰণৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’বনে অদম্য অসম আৰক্ষীয়ে ৷