থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বগোহাঁইৰ মাতৃৰ মঙলবাৰে নিশা মৃত্যু ঘটে ৷ নয়দাৰ এখন ব্যক্তিগত চিকিৎসালয়ত বিধায়ক গৰাকীৰ মাতৃ ননী বৰগোহাঁইৰ মৃত্যু হয় ৷ বিগত কেইবাদিনো ধৰি ননী বৰগোহাঁই অসুস্থ হৈ আছিল ৷
ননী বৰগোহাঁইৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ এক শোকবার্তাত তেওঁ কয় –“ থাওৰা সমষ্টিৰ বিধায়ক শ্ৰীসুশান্ত বৰগোঁহাইৰ মাতৃ ননী বৰগোঁহাইৰ বিয়োগৰ খবৰটিয়ে মৰ্মাহত কৰি তুলিছে। তেখেতৰ স্বৰ্গগামী পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।“