তালিবানৰ কবলত পৰা আফগানিস্তানত এতিয়া যেন সন্ত্ৰাসবাদী ৰাজ চলিছে। ঘূৰি আহিছে বহু সন্ত্ৰাসবাদী সংগঠনৰ নেতা-কৰ্মী।খবৰ অনুসৰি বিশ্বত্ৰাস সৃষ্টি কৰা ইছলামিক নেটৱৰ্ক আল-কায়দাৰ মুৰব্বী ওছামা বিন লাডেনৰ দেহৰক্ষী তথা কুখ্যাত সন্ত্ৰাসবাদী আমিন উল হকো ঘূৰি আহিছে আফগানিস্তানলৈ।
আমিনৰ প্ৰত্যাৱৰ্তনক লৈ এতিয়া বিশ্বজুৰি তীব্ৰ চৰ্চা আৰম্ভ হৈছে।তালিবানৰ সৈতে থকা বুজাবুজিৰ বাবেই লাডেনৰ এই দেহৰক্ষীজন আফগানিস্তানলৈ উভটি আহিছে বুলিও প্ৰশ্নৰ অৱতাৰণা কৰিছে।
উল্লেখ যোগ্য যে আমিনে লাডেনৰ প্ৰধান দেহৰক্ষী হিচাপে দায়িত্ব পালন কৰিছিল।টোৰা বোৰাৰ যুদ্ধত ব্ৰিটিছ আৰু মাৰ্কিন বাহিনীৰ মাজৰ পৰা লাডেনক বচাই অনা লোক জনেই আছিল আমিন।
ইফালে সোমবাৰে আমিনক নিজৰ জন্মস্থান নানগৰহৰ প্ৰদেশত দেখা পোৱা গৈছিল।এখন খোলা গাড়ীত মুকলিকৈ ঘূৰি ফুৰিছিল এই দুধৰ্ষ সন্ত্ৰাসবাদী জন।তেনেক্ষেত্ৰত আফগানিস্তান যে এতিয়া সন্ত্ৰাসবাদৰ ৰম্যভূমি হৈছে সেইয়া সকলোৱে বুজি উঠিছে।