দেশৰ নাম সলনি সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই নৰেন্দ্ৰ মোডী চৰকাৰে। কিন্তু শেষত যদি সঁচাকৈয়ে সংবিধান সংশোধন কৰি ‘ইণ্ডিয়া’ আঁতৰাই কেৱল ভাৰত নাম স্বীকৃতি দিয়া হয়, তেন্তে ক’ত কি সলনি কৰিব লাগিব সেই সম্পৰ্কে ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে।
মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা বিদেশী ৰাষ্ট্ৰপতিসকলক নৈশ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণী পত্ৰ প্ৰকাশ পোৱাৰ পিছতে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰে ‘ইণ্ডিয়া’ বাদ দি দেশৰ নাম সলনি কৰি কেৱল ‘ভাৰত’ বুলি জল্পনা-কল্পনা আৰম্ভ হ’ল। সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ ১৮-২২ ছেপ্তেম্বৰত সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰা বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কাৰণ, ৯ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত জি-২০ৰ নেতাসকলৰ নৈশ আহাৰ গ্ৰহণৰ আমন্ত্ৰণ পত্ৰত ‘প্ৰেছিডেণ্ট অৱ ভাৰত’ লিখা আছে ৷কিন্তু পৰম্পৰাগতভাৱে প্ৰেছিডেণ্ট অৱ ইণষডিয়া বুলি লিখাটো নিয়ম ৷
প্ৰশ্ন উত্থাপন হৈছে যে ‘ইণ্ডিয়া’ক ইছৰো (ভাৰতীয় মহাকাশ গৱেষণা সংস্থা)ৰ পৰা বাদ দিয়া হ’ব নে ? দেশৰ অৰ্থনৈতিক নিয়ন্ত্ৰক ৰিজার্ভ বেংক অৱ ইণ্ডিয়া। একেদৰে সশস্ত্ৰ বাহিনীৰ তিনিটা শাখা ইণ্ডিয়ান আর্মী,ইণ্ডিয়ান নেভী আৰু ইণ্ডিয়া এয়াৰফ’র্চৰ ভৱিষ্যতৰ নামো সলনি হ’ব নেকি প্ৰশ্নৰ সন্মুখীন হৈছে। এট’মিক এনার্জী কমিচন অৱ ইণ্ডিয়াৰ নামো সলনি হ’ব নেকি ?
ইলেকচন কমিচন অৱ ইণ্ডিয়’ৰ পৰিৱৰ্তে ২০২৪ চনৰ লোকসভা নিৰ্বাচন নাম সলনি কৰা সংস্থা এটাই অনুষ্ঠিত কৰিব নেকি সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বাহিৰেও জল্পনা-কল্পনা চলি আছে যে বিভিন্ন চৰকাৰী নথি-পত্ৰত ‘ভাৰত’ শব্দটো সলনি কৰা হ’ব নেকি? পাছপ’ৰ্ট, আধাৰ কাৰ্ড, ফটো ভোটাৰ আইডি কাৰ্ড, পেন কাৰ্ডৰ পৰা ইণ্ডিয়া নাম আঁতৰোৱাৰ প্ৰক্ৰিয়াটো কিমান দিন আৰু ব্যয়বহুল হ’ব আৰু ইয়াৰ বাবে কিমান টকা খৰচ হ’ব, সেই লৈও প্ৰশ্ন উত্থাপন হৈছে।