নলবাৰী জিলাত স্থাপন হ’ব বহুজাতিক কোম্পানীৰ উংপাদন গোট ৷ আজি নলবাৰী জিলাত বহুজাতিক প্ৰতিষ্ঠান পেপছিকোৰ এই খাদ্য উৎপাদন গোটৰ ভূমি পূজন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ এই কার্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় –“ ৰাজ্যৰ উদ্যোগ খণ্ডক উদগনি প্ৰদানৰ দিশত আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজিৰ এই কাৰ্যসূচীয়ে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। প্ৰায় ৭৭৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই উৎপাদন গোটত প্ৰায় ৫০০গৰাকী ব্যক্তিৰ বাবে নিয়োগ সৃষ্টি হ’ব। তদুপৰি এই প্ৰকল্পৰ জৰিয়তে আমাৰ ৰাজ্যৰ কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব। অসমত এক অত্যাধুনিক খাদ্য উৎপাদন গোট প্ৰতিষ্ঠা কৰাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ হেতু পেপছিকো প্ৰতিষ্ঠানলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।“
ইফালে অনুষ্ঠানত অংশগ্ড়ণ কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ সহজ আৰু উন্নত বাণিজ্যিক আৰু উদ্যোগ নীতিৰ বাবে নলবাৰীবাসীৰ জিলাখনত বৃহৎ উদ্যোগ স্থাপনৰ এটা দীর্ঘদিনীয়া সপোন আজি পূৰণ হোৱাৰ পথত। তেওঁ কয় –“ মুখ্যমন্ত্রীয়ে নলবাৰী জিলাৰ বানেকুছি খুখুন্দিত পেপছিকো (PepsiCo) কোম্পানীয়ে ৭৭৮ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবলগীয়া উৎপাদন উদ্যোগৰ ভূমি পূজন আৰু শিলান্যাস কৰা অনুষ্ঠানৰ লগতে আয়োজিত ৰাজহুৱা সভাত উপস্থিত থাকি অতিশয় আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। এই উদ্যোগে যথেষ্ট সংখ্যক প্রত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে কৃষিখণ্ডও বিশেষভাৱে উপকৃত কৰিব। তদুপৰি, পেপছিকো, এএছডিএম আৰু ডিইটিচিৰ মাজত হোৱা এক বুজাবুজিৰ চুক্তি মর্মে স্থানীয় যুৱক-যুৱতীক প্রয়োজনীয় প্রশিক্ষণ দি উপযুক্ত প্রার্থীক কোম্পানীত মকৰল কৰাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। মোৰ দৃঢ় বিশ্বাস, আজিৰ এয়া আধাৰশিলা স্থাপন অনুষ্ঠান কোনো এটা উদ্যোগৰ আৰম্ভণি নহয়, আজি মুখ্যমন্ত্রীয়ে যেন নলবাৰী জিলাৰ দ্রুত উন্নয়নৰ লাই খুঁটাহে স্থাপন কৰিলে।“