গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষার্থীসকলে আজি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷বিভিন্ন সমস্যা সমাধানৰ বাবে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষার্থীসকলে শ্ৰেণীকোঠা এৰি মৌন প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী শিক্ষার্থীসকলে সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি হোষ্টেলত থকা শিক্ষার্থীসকল অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷
ছাত্ৰীসকলে প্ৰকাশ কৰা অনুসৰি অধিকাংশ সময়তে হোষ্টেলসমূহত তেওঁলোকে পানীৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ দুই তিনিদিন পর্যন্ত কেতিয়াবা পানী লাভ নকৰে ৷ আনকি বহুসময়ত দুই তিনিদিনলৈ বেয়া হৈ থাকে পানী উঠাবলৈ ব্যৱহাৰ কৰা মটৰ ৷ বহু সময়ত হোষ্টেলসমূহত বিদ্যুত নথকাৰ বাবে তেওঁলোক অধ্যয়ন কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় ৷ ইপিনে, মাহিলী মাচুল দিয়াৰ পাছতো ছাফা কৰা নহয় হোষ্টেলসমূহ ৷ বহুসময়ত আৱাসীসকলে নিজেই হোষ্টেল ছাফা কৰিবলগীয়া হয় বুলিও তেওঁলোকে অভিযোগ কৰে ৷ একে সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰাবাসসমূহৰ আৱাসীসকলেও ৷
ইপিনে প্ৰতিবাদী শিক্ষার্থীসকলে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ সমস্যাৰ বিষয়ে কেইবাবাৰো অধ্যক্ষক অৱগত কৰিছে ৷ কিন্তু অধ্যক্ষ গৰাকীয়েসমস্যা সমাধানৰ ক্ষেত্ৰত গা এৰা দিয়া মনোভাৱহে প্ৰকাশ কৰি আহিছে ৷ ওপৰ মহলক জনাম – মোৰ হাতত কতৃত্ব নাই আদি কথাৰে অধ্যক্ষ গৰাকীয়ে শিক্ষার্থীসকলক আভুৱা ভাৰি আহিছে ৷ যাৰ বাবে শিক্ষার্থীসকলে শ্ৰেণীকোঠা এৰি প্ৰতিবাদ সাৱ্যস্ত কৰিবলগীয়া হৈছে শিক্ষার্থীসকলে ৷