আজি বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা হ’ল ৷ বৰাক উপত্যকাৰ তিনিখনকৈ গুৰুত্বপূর্ণ দলং আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ দলংকেইখন মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তিনিখনকৈ দলং আনুষ্ঠানিকভাৱে মুকলি কৰি জনসাধাৰণৰ সেৱাত উৎসৰ্গিত কৰিবলৈ পাই তেওঁ পৰম সন্তোষ লাভ কৰিছে ।
প্ৰায় ৫৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বদ্ৰীঘাট দলং, প্ৰায় ১৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ডুংৰিপাৰ দলং আৰু প্ৰায় ৮৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ইটখোলাঘাট দলং বৰাক উপত্যকাৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ। বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে বিবেচিত হ’ব।
শিলচৰ চহৰৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে আজি বৰাক নদীৰ ওপৰত বদ্ৰীঘাট সংযোগী নৱনির্মিত বৰেংগা-কাশীপুৰ দলংখন ৫৮ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা হৈছে ৷ এই ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে ৩৭ আৰু ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথক ফুলেতাল পথৰ সৈতে সংযোগ কৰি যাতায়তৰ সুবিধা প্ৰদান কৰিব।