পৰম্পৰাগতভাৱে আজি বৰপেটা সত্ৰত পালন কৰা হ’ল নন্দোৎসৱ ৷ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছদিনা এই উৎসৱ পালন কৰা হয় ৷ এই উপলক্ষে বৰপেত্ৰা সত্ৰৰ চোতালত শিশুসকলে বোকা খেল খেলি আনন্দত মতলীয়া হৈ পৰে ৷ তদুপৰি নাম প্ৰসংগৰে মুখৰিত হৈ পৰে বৰপেটা সত্ৰৰ চৌপাশ ৷
ইপিনে , বৰপেটা সত্ৰত শাস্ত্ৰভিত্তিকভাৱে পালন কৰা হয় এই নন্দোৎসৱ ৷ শ্ৰীকৃষ্ণ জন্মৰ পাছত নন্দ ৰজাই যিদৰে নিজৰ দায়োত্ব পালন কৰিছিল তাক নন্দোৎসৱৰ সময়ত প্ৰতীকি ৰূপত প্ৰদর্শন কৰা হয় ৷ যেনে শ্ৰীকৃষ্ণৰ জন্মৰ পাছত নন্দ ৰজাই মাতি আনিছিল গর্গ ঋষিক ৷ গর্গ ঋষিয়ে শ্ৰীকৃষ্ণৰ গণনা কৰিছিল ৷ সেই একেদৰে নন্দোৎসৱৰ দিনাখনো প্ৰতীকি ৰূপত বৰপেটা সত্ৰলৈ মাতি অনা হয় গর্গ ঋষিক ৷
এই উপলক্ষে প্ৰদর্শন কৰা হয় শ্ৰীকৃষ্ণৰ জন্মভিত্তিক নাট জন্মযাত্ৰা ৷ য’ত শ্ৰীকৃষ্ণৰ জন্মৰ সকলো কাহিনী পৰিৱেশন কৰা হয় ৷ নন্দোৎসৱ উপলক্ষে বৰপেটা সত্ৰলৈ আজি যথেষ্ট ভক্তৰ আগমণ ঘটে ৷