বৰপেটাৰ ঐতিহ্যমণ্ডিত সৰভোগৰ মইনবড়ী সত্রত যোৱা নিশা চোৰে উপদ্রৱ চলায় ৷ সত্ৰখনৰ পৰা লুটি লৈ যায় বহু মূল্যবান সা-সামগ্ৰী ৷ নিশা তলা ভাঙি ৫০০ বছৰীয়া সত্ৰখনত চোৰ সোমায় ৷
প্ৰাপ্ত তথ্য অনুসৰি সত্রখনৰ তলা ভাঙি চোৰে নিলে ২০ লক্ষাধিক টকাৰ সামগ্রী ৷ গুৰু আসন লণ্ডভণ্ড কৰাৰ লগতে চোৰে লৈ যায় ৪০০ বছৰীয়া গৰুড় পক্ষীৰ মূর্তি ৷কীর্তনঘৰৰ ভিতৰত থকা ৪০০ বছৰীয়া হনুমানৰ মুর্ত্তিও ভাঙি পেলায় চোৰে ৷
আনহাতে চাৰিখন মূল্যবান সাচিপাতৰ পুথিও চোৰে লুটি লৈ যায় ৷ ৰাধা -কৃষ্ণৰ দুটা সোণৰ মূর্ত্তি ,বাঁহী ,চাৰিডাল সোণৰ হাৰকে ধৰি আন বহু মূল্যবান সা- সামগ্ৰী চোৰে লৈ যায় ৷ আনকি সত্ৰখনৰ আলমিৰা ভাঙি চোৰে লৈ যায় সত্ৰৰ মাইকছেট ৷ সত্ৰখনৰ পৰা চোৰে নিয়া সামগ্ৰীৰ মূল্য ২০ লাখতকোয়ো অধিক বুলি জানিব পৰা গৈছে ৷ ঐতিহ্যমণ্ডিত সত্ৰখনৰ চুৰিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷