ঋতু পৰ্ণ শৰ্মা,নগাঁও,৭ছেপ্টেম্বৰ:–নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বগৰিগুৰি-বামুণগাঁও সংযোগী পথৰ ওপৰৰ বাঘানা(বৰপুখুৰী) দলঙৰ ওপৰৰ পৰা বুধবাৰে এগৰাকী কিশোৰী পানীত পৰি সন্ধানহীন হৈ আছিল । সন্ধানহীন কিশোৰীগৰাকী ভালুকমাৰীৰ প্ৰয়াত ধন বৰদলৈৰ কন্যা বন্দনা বৰদলৈ । ঘটনা সংঘটিত হোৱা দিনটোতেই অৰ্থাৎ বুধবাৰে আৰক্ষী,নগাঁও সদৰৰ চক্ৰ বিষয়া ঈশান সিঙৰ উপস্থিতিত SDRFৰ দলে কিশোৰীগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল। নিশা বহু পৰলৈকে SDRF কৰ্মীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰিব পৰা নাছিল।
কিন্তু বৃহস্পতিবাৰে দলঙৰ তলত পানীৰ পৰা আৰক্ষীয়ে ১৪বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পুৱা প্ৰায় ৬বজাত জাজৰিৰ আৰক্ষীয়ে উক্ত দলঙৰ তলত পানীৰ ওপৰত কিশোৰীগৰাকীৰ মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু মৃতদেহটো উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। ইপিনে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী গাঁৱত বুধবাৰে পানীত পৰি দুই ভগ্নীৰ মৃত্যু হয় । মৃত শিশু কন্যা সন্তান দুটা বাটমাৰী গাঁৱৰ ছাইফুল ইছলামৰ জান্নাতুল ফেৰদুছ আৰু ছেমিমা আকতাৰ । প্ৰাপ্ত বাতৰি মতে দুয়ো ভগ্নীয়ে খেলিবলৈ ওলাই গৈ ঘৰৰ পিছফালে থকা পুখুৰীৰ পৰে।ইয়াৰ পাছত পুখুৰীত উপঙি থকা অৱস্থাত দুই ভগ্নীৰ মৃতদেহ উদ্ধাৰ হয় । উল্লেখ্য যে,শিশু দুটিক বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।