শণিবাৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’ব বহু প্ৰতীক্ষিত জি-২০ সন্মিলন ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি বহুকেইখন দেশৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিবএই সন্মিলনত ৷ ইয়াৰ বাবে সজাই পৰাই তোলা হৈছে ৰাজধানী নতুন দিল্লী ৷ অতি উচ্চস্তৰীয় এই জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে ৰাজ্যৰ দুগৰাকী মহিলা উদ্যোগীয়ে ৷ তেওঁলোক হৈছে মায়াশ্ৰী বৰুৱা আৰু মুনমী শইকীয়া ৷ ৰাজ্যৰ কৃষি বিভাগে দুয়ো গৰাকীকে এই সন্মিলনৰ বাবে বাচনি কৰিছে ৷
তেওঁলোকে জি-২০ ৰ বাবে অহা ৰাষ্ট্ৰপ্ৰধানসকলৰ পত্নী আৰু পৰিয়ালৰ সদস্যসকলক ভাৰতবৰ্ষত মিলেট সম্পৰ্কীয় কাৰ্য্যসূচীৰ আভাস প্ৰদান কৰিব ৷ জি-২০ অনুষ্ঠিত হ’বলগীয়া স্থানত ইতিমধ্যে তেওঁলোকৰ বিপণৰী স্থাপন কৰা হৈছে ৷ য’ত দেখা গৈছে পৰম্পৰাগত জাপি, শৰাই, কাঁহৰ কাঁহী-বাতি, বটাঁ আদিৰে সজাই তোলা হৈছে ৷ মিলেট সম্পর্কীয় কৃষি উৎপাদনৰ সমান্তৰালকৈ অসমীয়া চহা সংস্কৃতিও তেওঁলোকে জি-২০ ৰ জৰিয়তে বিশ্ব নেতৃত্বৰ সন্মুখত দাঙি ধৰিব ৷