অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক জামিনহীন ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে । তেলেগু দেশম পাৰ্টিৰ মুৰব্বীগৰাকীক শনিবাৰে পুৱা দক্ষতা বিকাশৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয়। দলৰ মুখপাত্ৰই জনোৱা মতে, নন্দিয়াল জিলা আৰক্ষী আৰু চি আই ডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। পূৱ গোদাবৰী জিলাৰ পৰা তেওঁৰ পুত্ৰ নৰা লোকেশকো গ্ৰেপ্তাৰ কৰে অন্ধ্ৰ আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি ২০২১ চনত এই দুৰ্নীতিৰ গোচৰত চন্দ্ৰবাবুৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল।
টিডিপিৰ সূত্ৰ অনুসৰি চন্দ্ৰবাবু নাইডু দলীয় কাৰ্যসূচী উপলক্ষে অন্ধ্ৰ প্ৰদেশৰ নন্দিয়ালত আছিল। এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ পাছত ভেনিটি ভ্যানত তেওঁ জিৰণি লৈ আছিল। শনিবাৰে পুৱতি নিশা চি আই ডি আৰু অন্ধ্ৰ আৰক্ষীয়ে তাত অভিযান চলায়। নন্দিয়ালৰ ডি আই জি ৰঘুৰামী ৰেড্ডী তেওঁৰ লগত আছিল। পুৱা প্ৰায় ৬ বজাত চন্দ্ৰবাবুক গ্ৰেপ্তাৰ কৰি ভ্যানৰ পৰা উলিয়াই অনা হয়।
টিডিপিৰ এগৰাকী মুখপাত্ৰই কয় যে গ্ৰেপ্তাৰৰ সময়ত নাইডুৱে আৰক্ষীক সহযোগ কৰিবলৈ সন্মত হৈছিল। আৰক্ষীয়ে তেওঁৰ নিৰাপত্তাৰক্ষীকো লগত যাবলৈ অনুমতি দিছিল। তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত টিডিপিৰ বহু সংখ্যক সমৰ্থকে সেই স্থানত উপস্থিত হৈ আৰক্ষী আৰু ৱাইএছআৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে।
গ্ৰেপ্তাৰৰ পিছত চন্দ্ৰবাবুক চিকিৎসা পৰীক্ষাৰ বাবে নন্দিয়াল হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসালয়ৰ পৰা বিজয়াৱাড়া কাৰাগাৰলৈ লৈ যোৱা হয়। শনিবাৰে তেওঁক আদালতত হাজিৰ কৰা হ’ব।
শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ সমাজ কল্যাণ মন্ত্ৰী মেৰুগা নাগাৰ্জুনে চন্দ্ৰবাবুক ৰাজহুৱা ধন লুণ্ঠনৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল। চন্দ্ৰবাবুৱেও শেহতীয়াকৈ দাবী কৰিছে যে তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।
প্ৰসংগক্ৰমে যোৱা মাহত সেই ৰাজ্যৰ আৰক্ষীয়ে হত্যাৰ চেষ্টা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত চন্দ্ৰবাবুৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। চন্দ্ৰবাবুৰ অন্ধ্ৰ ভ্ৰমণৰ সময়ত অন্নমায়া আৰু চিত্তুৰ জিলাত সংঘটিত হোৱা দুটা হিংসাত্মক ঘটনাৰ পিছতে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰে। হিংসাত্মক কাণ্ডত আৰক্ষী আৰু শাসকীয় ৱাই এছ আৰ কংগ্ৰেছ কৰ্মীৰ সৈতে টিডিপি কৰ্মী-সমৰ্থকৰ সংঘৰ্ষত ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়। অন্ধ্ৰ আৰক্ষীয়ে এই কাৰ্য তেওঁৰ বাবেই হোৱা বুলি দাবী কৰে। চন্দ্ৰবাবুৰ উপৰিও অভিযুক্তৰ তালিকাত অন্ধ্ৰ দুই প্ৰাক্তন মন্ত্ৰী দেৱীনানী উমা, অমৰনাথ ৰেড্ডী আৰু প্ৰাক্তন বিধায়ক শ্বাহজাহান শ্বাহৰ নাম আছিল। সকলোৰে বিৰুদ্ধে হিংসাৰ বাবে উচটনি দিয়া, হত্যাৰ চেষ্টা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে।
ৱাই এছ আৰ কংগ্ৰেছৰ মুৰব্বী তথা অন্ধ্ৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ চৰকাৰৰ বিৰুদ্ধে যোৱা বছৰৰ পৰা চন্দ্ৰবাবুৱে অপব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু তেওঁৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি কেইবাটাও স্থানত হিংসাত্মক ঘটনা সংঘটিত হয় । অহা বছৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰ প্ৰদেশতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ ভিতৰত চন্দ্ৰবাবুৰ গ্ৰেপ্তাৰৰ ঘটনাই দক্ষিণ ভাৰতৰ সেই ৰাজ্যত ক্ৰমাৎ ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে।