ঐতিহ্যমণ্ডিত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সমীপত গতিৰোধকৰ অভাৱত হোৱা পথ দুৰ্ঘটনাৰ ফলত পথচাৰী আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি আজি ছাত্ৰ সমাজে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ইয়াৰ আগতেও ছাত্ৰ-ছাত্ৰীসকলৰ হাবিদ্যালয়ৰ সমীপত গতিৰোধকৰ প্ৰয়োজনীয়তা সম্পৰ্কে জিলা উপায়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল । কিন্তু তাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাত আজি আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ এবিভিপি শাখাৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ সমীপত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ এবিভিপি শাখাৰ সভাপতি সুবৰ্ণ নাথ, সম্পাদক জাহ্নু বৰুৱা, ব্ৰহ্মপুত্ৰ নগৰৰ যুটীয়া সম্পাদিকা কু. অংকিতা শ্বাহাকে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ তথা পৰিষদৰ কাৰ্যকৰ্তাবৃন্দ । ছাত্ৰ সমাজৰ কণ্ঠক সঁহাৰি জনাই অতিৰিক্ত জিলা উপায়ুক্ত অনুৰাগ ৰুদ্ৰই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হয় আৰু দুদিনৰ ভিতৰত গতিৰোধকৰ কাম সম্পূৰ্ণ হ’ব বুলি আশ্বাস দিয়ে ।