ডিব্ৰুগড়ৰ বকুল বাইপাছত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।বকুল বাইপাছত ৰহস্যজনকভাৱে অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ মৃতদেহ ৷ মৃত যুৱতী গৰাকী মেহেক শর্মা বুলি জানিব পৰা গৈছে ৷ যুৱতী গৰাকীৰ মৃতদেহৰ দমীপতে আন এজন যুৱক মুমুর্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ যুৱকজন ডিব্ৰুগড়ৰ মাইজানৰ আজিজ আহমেদ বুলি জানিব পৰা গৈছে ৷ সংকটজনক অৱস্থাত থকা যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
মৃত মেহেকৰ ঘৰ খলিহামাৰিত বুলি জানিব পৰা গৈছে । ইফালে ঘটনাস্থলীত এছ০৬ এএইচ ১১৪৩ নম্বৰৰ এখন ইন’ভা বাহন উদ্ধাৰ হৈছে। কেনেদৰে যুৱতী গৰাকীৰ মৃত্যু হ’ল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ মৃত যুৱতী গৰাকীৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি আজিজ ওৰফে মুন্নাই তেওঁৰ কন্যাক হত্যা কৰিছিল ৷ বিবাহিত মুন্নাই মেহেকৰ সৈতেও প্ৰেমৰ সম্পর্ক অব্যাহত ৰাখিছিল ৷ মাতৃয়ে অভিযোগ কৰা অনুসৰি মুন্নাই প্ৰায়ে পৰিয়ালটোক দাবী ধমকি দি আহিছিল ৷ অৱশ্যে আৰক্ষীৰ তদন্তহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷