ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নতুন SOP ঘোষণা কৰে। তেখেতৰ ঘোষণা অনুসৰি ১ ছেপ্তেম্বৰ ২০২১ অৰ্থাৎ বুধবাৰে পুৱা ১১ বজাৰ পৰাই নতুন SOPৰ নিয়মাৱলী প্ৰযোজ্য হ’ব। নতুন SOP অনুসৰি প্ৰযোজ্য নিয়ম এনে ধৰণৰ,
ক’ভিড পৰিস্থিতিৰ কিছু ইতিবাচক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় নিৰ্ধাৰণ কৰা হৈছে।
সকলো কৰ্মস্থান, ব্যৱসায়িক প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, হোটেল আৰু দোকানবোৰ ৰাজ্যজুৰি সন্ধিয়া ৮ বজালৈকে খোলা থাকিব।
আন্তঃজিলা যাত্ৰী পৰিবহন সেৱা আৰু আন জিলাৰ পৰা অহা-যোৱা কৰা লোকসকলৰ চলাচলত কোনো বাধা নাথাকিব। ৰাজহুৱা পৰিবহনত সম্পূৰ্ণ ১০০ শতাংশ যাত্ৰীয়েই যাতায়ত কৰিব পাৰিব।
কিন্তু গাড়ীত এজনো যাত্ৰী থিয় হৈ আহিব নোৱাৰিব। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱাসকলেহে চৰকাৰী বাছত ভ্ৰমণ কৰিব পাৰিব।
থিয় কৰাই যাত্ৰী নিলে চালকৰ অনুজ্ঞাপত্ৰ বাতিল হ’ব। চালক-হেণ্ডিমেন-যাত্ৰীৰ মাস্ক পৰিধান বাধ্যতামূলক।
শ্ৰেণীকোঠাত এটা সময়ত ৩০ জন শিক্ষাৰ্থী থাকিব পাৰিব। ১৮ বছৰ উৰ্ধৰ শিক্ষাৰ্থীৰ ভেকচিন বাধ্যতামূলক।
৬ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত স্নাতকোত্তৰ, স্নাতক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব।
হোষ্টেলত থকা শিক্ষাৰ্থীৰ বাবে ২পালি ভেকচিন বাধ্যতামূলক। কৰ্মচাৰীসকলেও ভেকচিন লোৱা বাধ্যতামূলক।
ধৰ্মীয় স্থানত ৪০ জন লোক একেলগে প্ৰৱেশৰ অনুমতি।
বিবাহ অনুষ্ঠানত ভেকচিন লোৱা ৫০ জন লোক উপস্থিত থাকিব পাৰিব।
চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক। এপালি ভেকচিন লোৱাসকল কাৰ্যালয়লৈ যাব পাৰিব। যি সকল চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন লোৱা নাই, তেওঁলোকক ৩ দিনৰ ভিতৰত ভেকচিন প্ৰদান কৰিবলৈ উৰ্ধতন কতৃপক্ষক জনোৱা হ’ল।
মটৰ চাইকেলত দুজন যাত্ৰী উঠিব পাৰিব। কিন্ত সকলো ৰাজহুৱা স্থানত মুখৰ মুখা বা মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
২ পালি ভেকচিন লোৱা বিমানযাত্ৰীয়ে ক’ভিড পৰীক্ষা কৰিব নালাগে।
আনহাতে নতুন SOP ঘোষণা কৰাৰ সময়তে স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে যদিহে ৰাইজে সতৰ্কতা আৰু সাৱধানতা অৱলম্বন নকৰে, তেনে সময়ত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কঠোৰ আইন বলৱৎ হ’ব পাৰে। গতিকে ৰাইজক নীতি-নিয়ম মানি চলিবলৈ অনুৰোধ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।