পুনৰ বিমানযাত্ৰাৰ সময়ত নির্যাতনৰ বলি হ’বলগীয়া হ’ল এগৰাকী মহিলা ৷ মুম্বাই–গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত এই ঘটনা সংঘটিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি মহিলাগৰাকীৰ কাষৰ আসনত বহি থকা যাত্ৰীজনে তেওঃক যৌন নির্যাতন কৰে ৷ মহিলাগৰাকীয়ে অভিযোগ দাখিল কৰাৰ পিছতে গুৱাহাটী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত যাত্ৰীজনক।
মহিলাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিমানৰ যাত্ৰা আৰম্ভ হোৱাৰ পাছতে পোহৰ কম কৰি দিয়া হৈছিল ৷ যাৰ বাবে তেওঁ শুবলৈ চেষষটা কৰিছিল ৷ সেই সময়তে কাষত বহি থকা যাত্ৰীজনে কম পোহৰৰ সুযোগ লৈ মহিলা গৰাকীৰ শৰীৰত স্পর্শ কৰিবলৈ আৰম্ভ কৰে ৷ এই ঘটনাত হতভম্ব হৈ পৰা মহিলা গৰাকীয়ে কেবিন লাইট জ্বলাই দি সহযাত্ৰীজনৰ এই অসভ্য আচৰণৰ কথা বিমানকর্মীক অৱগত কৰে ইয়াৰ পাছতে অৱতৰনৰ পাছত লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
উল্লেখযোগ্য যে ইণ্ডিগ’ বিমানখন মুম্বাইৰ পৰা নিশা ৯ বজাত যাত্ৰা কৰিছিল আৰু ১২.১৫ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিছিল। ৫ মাহৰ ভিতৰত বিমানত এনেধৰণৰ এয়া পঞ্চমটো ঘটনা।ইয়াৰ পূর্বে মুম্বাই হৈ যাত্ৰা যাত্ৰা কৰা মাস্কট-ঢাকা অভিমুখী এখন বিমানত এগৰাকী মহিলা বিমান সেৱিকাক নিৰ্যাতন চলোৱাৰ অভিযোগত এজন ৩০ বছৰীয়া বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল।