অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখ এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা ২০০০ মেগাৱট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম ৭৫ % সম্পন্ন হৈছে যদিও নামনি অংশৰ ৰাইজৰ মাজত এই প্ৰকল্পই কঢ়িয়াই আনিছে অশনি সংকেত।
শেহতীয়াকৈ আৰুণাচল পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত সোৱণশিৰিৰ বাঢ়ি অহা জলপৃষ্ঠই প্ৰকল্পটোৰ ডাইভাৰচন টানেলৰ ওপৰৰ পাহাৰ খহাই এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে।ক্ৰমে বৃদ্ধি পাই অহা বৰষুণৰ বাবে মংগল বাৰে পুৱা পাঁচটা ডাইভাৰচন টানেলৰ পঞ্চমটো টানেলৰ ওপৰৰ পাহাৰৰ মাটি স্খলন হ’য়।
অতি বিপদজ্জনকভাৱে বিয়লিভাগত পুনৰ খহনীয়া হোৱাত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।অতি আধুনিক পদ্ধতিৰে এন চি পি চিয়ে প্ৰকল্পটোৰ নিৰ্মাণ কৰিছে যদিও বাধা দিব পৰা নাই প্ৰকৃতিৰ এই তাণ্ডৱ লীলাক।
ইফালে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, অসমৰ বান্ধ বিৰোধী বিভিন্ন দল-সংগঠনৰ লগত হোৱা বৈঠকৰ সিদ্ধান্তকো আওকাণ কৰি এন চি পিয়ে বান্ধৰ কাম ক্ষীপ্ৰ গতিত আগবঢ়াই নিছে।
আনহাতে বিশেষজ্ঞ সমিতিয়ে এন চি পিয়ে কেৱল বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা এই বৃহৎ বান্ধ টোৰ কাম ত্ৰুতিপূৰ্ণ হোৱা বুলি কোৱাৰ লগতে নামনি অংশৰ ৰাইজৰ নিৰাপত্তাৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰা নাই বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে।
উল্লেখযোগ্য যে বিশেষজ্ঞ সমতিৰ এই গুৰুত্বপূৰ্ণ অভিযোগৰ পিছত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰকল্পৰ কাম ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।
ইফালে ৰাইজৰ কথা নাভাবি কেৱল বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা এই বান্ধটোৰ কাম ইতিমধ্যে ৪০ মিটাৰ সম্পূৰ্ণ হৈ উঠিছে। যদিও এই ৪০ মিটাৰ উচ্চতাৰ ওপৰেদি ভয়ংকৰ ৰূপত বাগৰিছে সোৱণশিৰিৰ বাঢ়নি পানী। লগতে যদিহে মূল বান্ধটোৰ কাম ১১৬ মিটাৰ সম্পূৰ্ণ হ’য়,তেতিয়া পাহাৰখনৰ যিকোনো অংশ খহি প্ৰকল্পটো নিঃশেষ হৈ যোৱাৰো ধাৰণা কৰিছে সচেতন ৰাইজে।
গতিকে সময় থাকোতেই চৰকাৰক এই জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিবলেও দাবী জনাইছে এই সকল সচেতন লোকে।বিশেষকৈ এই প্ৰকল্পৰ ঠাইত থকা পাহাৰখনৰ খহনীয়াই এতিয়া টোপনি কাঢ়িছে সৰ্বসাধাৰণ ৰাইজৰ। যদিহে পাহাৰৰ খহনীয়া ৰোধ কৰিব নোৱাৰে তেন্তে অনাগত দিনত এক ভংয়কৰ বিপদৰ সন্মুখীন হ’ব লাগিব বুলিও সৰ্তক কৰিছে সচেতন ৰাইজৰ লগতে বিশেষজ্ঞৰ দলে।