শিৱসাগৰৰ আমগুৰিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে এজন ছাত্ৰক দুবৃর্ত্তই অপহৰণ কৰি লৈ যায় ৷ অপহৃত ছাত্ৰজন তৃতীয় শ্রেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে ৷ বুধবাৰে সংঘটিত হয় এই ঘটনা।
প্ৰাপ্ত তথ্য অনুসৰি আমগুৰিস্থিত মণ্টেশ্বৰী জাতীয় বিদ্যালয়ৰ পৰা অপহৰণ কৰা হৈছে ছাত্ৰজনক। অপহৃত ছাত্রজনৰ নাম অনিকীত দুৱৰী বুলি জানিব পৰা গৈছে।
বিদ্যালয় কতৃপক্ষই সদৰী কৰা অনুসৰি তিনি দুৰ্বৃত্তই আহি বিদ্যালয়ৰ পৰাই ভয়-ভাবুকিৰে অপহৰণ কৰে লৈ যায় অনিকীতক।ইতিমধ্যে ঘটনা সন্দৰ্ভত আমগুৰি থানাত এজাহাৰ দাখিল কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।
ছাত্ৰজনৰ পিতৃয়েও অপহৰণ সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।এই ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷