প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি নাৰাখিলে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৷ কণা হাহঁক পতান দিয়াৰ দৰেই প্ৰতাৰণা কৰিলে বজালী বাসীক ৷ বজালীক পুনৰ জিলাৰ মর্যাদা ঘূৰাই দিয়াৰ পৰিৱর্তে উপ-জিলা হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে ৷ যাক লৈ জিলাখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আজি বিভিন্ন দল –সংগঠনে বজালীক পূর্ণাংগ জিলাৰ মর্যাদা প্ৰদানৰ উত্তাল বিক্ষোভ সাৱ্যস্ত কৰে ৷
উল্লেখ্য যে চৰকাৰে পূর্বে বজালীক জিলা হিচাপে ঘোষণা কৰিছিল ৷কিন্তু পৰৱর্তী সময়ত সমষ্টি পুনৰ নির্ধাৰণৰ সময়ত ৰাজনৈতিক কাৰণত বজালী জিলাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে ৷ যাক লৈ ক্ষোভৰ সৃষ্টি হয় ৷ সমষ্টি পুনৰ নির্ধাৰণৰ পাছত পুনৰ বজালীক জিলা ঘোষণা কৰা হ’ব বুলি চৰকাৰে প্ৰকাশ কৰে ৷ কিন্তু কালি এক আনুষ্ঠানিক অধিসূচনাত বজালীক উপজিলা হিচাপেহে ঘোষণা কৰা হয় ৷
ইয়াতেই ক্ষুব্ধ হৈ আজি দল-সংগঠনৰ লগতে স্থানীয় লোকসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদীসকলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ বজালী জিলা ঘোষণা নকৰালৈকে প্ৰতিবাদী কার্যসূচী অব্যাহত ৰখাৰ হুংকাৰো প্ৰদান কৰিছে দলংসংগঠনে ৷