বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে ৷ হাইলাকান্দিত গ্ৰেপ্তাৰ কৰা হৈছে বাল্যবিবাহেৰে জড়িত ১৫ জন কাজীক ৷ হাইলাকান্দিৰ বিভিন্ন এলেকাত অভিযান চলায় আৰক্ষীয়ে এই কাজীসকলক গ্ৰেপ্তাৰ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নির্দেশৰ পাছতে তৎপৰ হৈ পৰিছে আৰক্ষী ৷ শীঘ্ৰে আন বহু অবৈধ স্বামী আৰু কাজী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে কিছুদিন পূর্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আগন্তুক ১০ দিনৰ ভিতৰত অভিযান চলায় ৰাজ্যত ৩ হেজাৰ অবৈধ স্বামী গ্ৰেপ্তাৰ কৰা হ’ব ৷ ইয়াৰ পূর্বেও আৰক্ষীয়ে অভিযান চলায় ৫ হেজাৰ লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ সেই সময়ত ৰুজু কৰা হৈছিল ৪ সহস্ৰাধিক গোচৰ ৷
হাইলাকান্দিত কাজীৰ উপৰি শীঘ্ৰে অবৈধ স্বামীও আৰক্ষীৰ জালত পৰা সম্ভাৱনা আছে ৷কেবল হাইলাকন্দিতে নহয়, ৰাজ্যৰ আন প্ৰান্ততো অবৈধ স্বামী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ৷ খুব কম দিনৰ ভিতৰতে ৰাজ্যজুৰি বাল্যবিবাহকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ হ’ব ৷