ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আই আই ই) গুৱাহাটী আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম) শ্বিলঙে যৌথভাৱে উন্নয়ন খণ্ডত প্ৰকল্প ব্যৱস্থাপনাৰ চাৰ্টিফিকেট প্ৰগ্ৰেম (চি পি এম ডি এছ) নামৰ এক বিশেষ শিক্ষণ কাৰ্যসূচী আজি মুকলি কৰে ৷ আই আই ইত এই পাঠ্যক্ৰম মুকলি অনুষ্ঠানত আই আই ইৰ অধ্যাপক আৰু বিষয়াসকলৰ লগতে আই আই ইৰ সঞ্চালক ড° ললিত শৰ্মা, আই আই ইৰ সহযোগী অনুষদ সদস্য আৰু পাঠ্যক্ৰম সঞ্চালক ড° শান্তনু মোহন ডেকা, আই আই ইৰ কনছালটেণ্ট আৰু পাঠ্যক্ৰম সমন্বয়ক ড° ভাস্কৰ কুমাৰ কাকতি, আই আই এম শ্বিলঙৰ ড° এ পি জে আব্দুল কালাম চেণ্টাৰ ফৰ পলিচি ৰিচাৰ্চ এণ্ড এনালাইছিছৰ কেন্দ্ৰ সমন্বয়ক ড° সঞ্জীৱ কুমাৰ নিংগোম্বাম উপস্থিত থাকে ৷
চিপিএমডিএছ হৈছে তাত্ত্বিক জ্ঞানক হাতে কামে কৰা অভিজ্ঞতাৰ সৈতে একত্ৰিত কৰিবলৈ ডিজাইন কৰা এক ছমহীয়া প্ৰমাণপত্ৰ কাৰ্যসূচী। উন্নয়ন খণ্ডত প্ৰকল্প পৰিচালনাৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক জ্ঞান প্ৰদান কৰাটোৱেই ইয়াৰ লক্ষ্য ৷ যাতে তেওঁলোকক বাস্তৱ জগতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হয় । গতিশীল আলোচনা, অন্তৰ্দৃষ্টিশীল শিক্ষণ, ব্যৱহাৰিক ক্ষেত্ৰভিত্তিক কাম আৰু সঠিক নিৰীক্ষণে এই পাঠ্যক্ৰমে এক পৰিৱৰ্তনশীল শৈক্ষিক অভিজ্ঞতা প্ৰদান কৰিব যাৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণকাৰীসকলে উন্নয়নমূলক ক্ষেত্ৰত নিজৰ পাৰদর্শিতা প্ৰদর্শণ কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু মানসিকতা গঢ়ি তুলিবলৈ সক্ষম হ’ব ৷
২০২৩ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা চিপিএমডিএছ কাৰ্যসূচীৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু উচ্চাকাংক্ষী প্ৰাৰ্থীসকলে ২০২৩ চনৰ ৫ অক্টোবৰলৈকে আবেদন দাখিল কৰিব পাৰিব।চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলে ২০২৩ চনৰ ১২ অক্টোবৰৰ ভিতৰত নামভৰ্তি কৰিব লাগিব ৷ আই আই ইত অক্টোবৰৰ পৰা শ্ৰেণী আৰম্ভ হ’ব । নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে আই আই এম, শ্বিলঙত পাঠ্যক্ৰমত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব।
এই কাৰ্যসূচীৰ বাবে যোগ্য হ’বলৈ আবেদনকাৰীয়ে ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা নূন্যতম ৫০% নম্বৰৰ স্নাতক ডিগ্ৰী বা স্বীকৃতিপ্ৰাপ্ত বিদেশী বিশ্ববিদ্যালয়ৰ সমতুল্য ডিগ্ৰীধাৰী হ’ব লাগিব। নতুবা ভাৰতীয় বিশ্ববিদ্যালয় বা সমতুল্য বিদেশী বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক হোৱাসকলক উন্নয়ন খণ্ড, চৰকাৰী সংস্থা, বেচৰকাৰী সংস্থা, কৰ্পৰেট আদিত নূন্যতম দুবছৰৰ কৰ্ম অভিজ্ঞতা থকা লোকসকলেও আবেদন কৰিব পাৰিব ৷ এই পাঠ্যক্ৰমৰ আসনৰ সংখ্যা ৩০ ৷