ওড়িশাত স্ক্ৰাব টাইফাছত আক্ৰান্ত হৈ কমেও ৫ জন লোকৰ মৃত্যু হৈছে। এই খবৰ স্থানীয় প্ৰশাসনৰ সূত্ৰই অৱগত কৰিছে। আনহাতে, হিমাচল প্ৰদেশৰ ছিমলাত স্ক্রাব টাইফাছত আক্ৰান্ত হৈ ৯জন লোক চিকিৎসাধীন হৈ আছে।
ওড়িশাৰ বৰগড় জিলাৰ মুখ্য চিকিৎসা আৰু জনস্বাস্থ্য বিষয়া সাধুচৰণ দাসে কয় যে শেহতীয়াকৈ জিলাখনত মৃত্যু হোৱা পাঁচজন লোকৰ স্ক্রাব টাইফাছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে, নিহত ৫ জন লোক জিলাখনৰ ছোহেলা, আটাবিৰা, ভেডেন আৰু বৰপালী ব্লকৰ বাসিন্দা।
হিমাচল প্ৰশাসনৰ তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় ২৯৫ গৰাকী বাসিন্দাৰ শৰীৰত স্ক্ৰাব টাইফাছৰ লক্ষণ দেখা দিয়াত বিভিন্ন সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ৯ জন স্ক্রাব টাইফাছ ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে।
স্ক্ৰাব টাইফাছ শব্দটো গ্ৰীক শব্দ টাইফাছৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ ধোঁৱাময় বা ডাৱৰীয়া। ট্ৰম্বিকুলিড মাইট নামৰ মকৰাসদৃশ এবিধ পোকে কামোৰাৰ ফলত মানুহলৈ এই ৰোগ সংক্ৰমিত হয় ৷ এই পোকবোৰৰ আকাৰ ০.২ মিলিমিটাৰৰ পৰা ০.৪ মিলিমিটাৰলৈকে। সাধাৰণতে গাঁৱৰ কৃষিভূমিত এই ধৰণৰ পোক দেখা যায়। কিন্তু চহৰ অঞ্চলৰ ঘৰ বা এপাৰ্টমেণ্টত সৰু সৰু জোপোহা, গছ-গছনি বা পোহনীয়া জন্তুৰ শৰীৰত এনে পোক-পৰুৱা দেখা পোৱাটো সাধাৰণ কথা। সাধাৰণতে বাৰিষাৰ সময়ত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। প্ৰথম অৱস্থাত এই পোকে কামুৰিলে তাৎক্ষণিক কোনো বিষ নহয়। কিন্তু পিছলৈ ই শৰীৰৰ ভিতৰলৈ গৈ সমস্যাৰ সৃষ্টি কৰে।
কেইবাটাও ক্ষেত্ৰত ৰোগীৰ শৰীৰত পোক-পৰুৱাৰ কামোৰৰ চিন পোৱা যায়। এইবোৰক অস্কাৰ বুলি কোৱা হয়। যাৰ দ্বাৰা সাধাৰণতে ৰোগ ধৰা পৰে। এই ৰোগৰ অন্যতম ঔষধ এন্টিবায়টিক ডক্সিচাইক্লিন। এই ৰোগৰ লক্ষণসমূহ হ’ল তীব্ৰ মূৰৰ বিষ, উচ্চ জ্বৰ, হাত-ভৰি বিষ, নাকেৰে পানী ওলোৱা, ডিঙিৰ বিষ, পিঠি আৰু বুকুত ফোহা ওলোৱা, পেটৰ সমস্যা। কিছুমান ক্ষেত্ৰত ভুক্তভোগীৰ চকু ৰঙা হৈ পৰে।