চাইবাৰ অপৰাধীৰ কৱলত পৰি বহু লোক সর্বস্বান্ত হৈ পৰিছে ৷ বিজুলী বিলৰ পৰা আৰম্ভ কৰি এটিএম কাডৰ ব্লক হোৱালৈকে বিভিন্ন অজুহাতত ফোন কৰি চাইবাৰ অপৰাধী চক্ৰই লুণ্ঠন চলাই আহিছে ৷ ইয়াৰ মাজতে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে ৷
মহnগৰীৰ বিভিন্ন প্ৰান্তত ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীয়ে যোৱা নিশাৰে পৰা যৌথ অভিযান চলায় আহিছে । চাইবাৰ অপৰাধী আৰু ভুৱা কল চেণ্টাৰৰ বিৰুদ্ধে মহানগৰীত এই অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে । ভুৱা কল কৰি বহু লোকক লুণ্ঠন চলাই অহিছিল এই চক্ৰটোৱে ৷ আৰক্ষী আয়ুক্তৰ নেতৃত্বত গুৱাহাটীৰ বামুণীমৈদাম, বৰবাৰী, ৰাজগড়, গান্ধীবস্তি আদি অঞ্চলত নিশাৰে পৰা অভিযান চলোৱা হৈছে ।আনহাতে, নিশা মহানগৰীৰ চেন্ট্রেল মল, এবিচি, ভিভাণ্টা, জুৰোড তিনিআলি, গণেশগুৰিতো আৰক্ষীয়ে অভিযান চলায় ৷ ইতিমধ্যে ২৫০ৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে এই চক্ৰৰ দুজন মষ্টাৰমাইণ্ডক বিচাৰি নিশা ভিভাণ্টাতো অভিযান চলোৱা হৈছিল । ইয়াৰে এজন পলাই যাওঁতে বজালী আৰক্ষীয়ে কৰায়ত্ত কৰে। এই হেকিং চক্ৰৰ মাষ্টাৰমাইণ্ড হৈছে বিতৰ্কিত আইএএছ বিষয়া অতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমান। নিশা তছদিকুৰক বিচাৰি অভিযান চলায় যদিও তেওঁ পলায়ন কৰিবলৈ সক্ষম হয় ৷
নিশা গান্ধীবস্তিৰ আতিকা চুলতানাৰ ঘৰতো অভিযান চলোৱা হয় । গান্ধীবস্তিৰ শুভম এপাৰ্টমেণ্টৰ বাসিন্দা হৈছে আতিকা চুলতানা। বৰ্তমানো মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযান চলি আছে। উল্লেখযোগ্য পূৰ্বেও গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছিল অৱসৰপ্ৰাপ্ত বিষয়া আতিকা তুলতানাৰ।