VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজ্যৰ ১২ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাত্ৰ এখনতহে আছে সকলো বিভাগৰ চিকিৎসা উপলব্ধ,

ন-পুৰণি মেডিকেল কলেজত নাই হেমাট’লজী, নিউৰ’লজী, নেফ্ৰ’লজী আদিৰ দৰে গুৰুত্বপূর্ণ বিভাগ

voicedesk by voicedesk
September 16, 2023
in মুখ্য সংবাদ
ৰাজ্যৰ ১২ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাত্ৰ এখনতহে আছে সকলো বিভাগৰ চিকিৎসা উপলব্ধ,
0
SHARES
61
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত এখনৰ পাছত আন এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে ৷ এখন দুখনকৈ ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২ খনলৈ বৃদ্ধি পালে ৷স্বাস্থ্যখণ্ডত আমূল পৰিৱর্তন অহা বুলি ৰাজ্য চৰকাৰে প্ৰকাশ কৰি আহিছে ৷ কিন্তু সচাঁকৈয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ আমূল পৰিএর্তন আহিছেনে ? ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ পৰা সাধাৰণ জনতাই প্ৰকৃতার্থত সা-সুবিধা লাভ কৰিছেনে ৷ ইয়াৰ প্ৰকৃত স্বৰূপ উন্মোচিত হ’ল বিধানসভাৰ মজিয়াত ৷ শুনিবলৈ আচৰিত যেন লাগিলেও ৰাজ্যৰ ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত মাত্ৰ এখনতহে সকলো বিভাগৰ চিকিৎসা উপলবদ্ধ ৷  শুকুৰবাৰে ৰাজ্যৰ বিধানসভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰী কৰিছে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি  অসমৰ মাত্ৰ এখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়েহে সম্প্ৰতি সকলো অনুমোদিত বিভাগতে চিকিৎসা প্ৰদানৰ ব্যৱস্থা আছে।

 

কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত মহন্তই কয় যে অনুমোদিত সকলো বিভাগতে চিকিৎসাৰ সুবিধা কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়তহে উপলব্ধ। ৰাজ্যৰ আন ১১খন চিকিৎসা মহাবিদ্যালয়ত কেইবাটাও বিভাগত চিকিৎসাৰ সুবিধা নাই ৷  মহন্তই কয় যে নতুনকৈ মুকলি কৰা নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত স্থায়ী তৃতীয়, চতুৰ্থ শ্ৰেণী আৰু নাৰ্চিং কৰ্মচাৰী নিযুক্তি দিয়া হোৱা নাই যদিও সেই দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

ৰাজ্যখনৰ ১২খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও দুখন আয়ুৰ্বেদিক মহাবিদ্যালয় আছে, য’ত সকলো অনুমোদিত বিভাগ সৃষ্টি কৰা হৈছে আৰু সকলো বিভাগতে চিকিৎসা উপলব্ধ কৰা হৈছে বুলিও তেওঁ লগতে কয়।

 

গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় বাদ দি ৰাজ্যৰ আন ৯খন চিকিৎসা মহাবিদ্যালয়ত এতিয়াও ৯ বা তাতোকৈ অধিক বিভাগ সৃষ্টি হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই নখন চিকিৎসা মহাবিদ্যালয়ৰ কোনো এখনতে চিটিভিএছ, এণ্ডক্ৰাইন’লজী, গেষ্ট্ৰ’এণ্টেৰ’লজী, হেমাট’লজী, নিউৰ’লজী, নেফ্ৰ’লজী, প্লাষ্টিক চাৰ্জাৰী, পেডিয়াট্ৰিক চাৰ্জাৰী আৰু ইউৰ’লজী বিভাগৰ সৃষ্টি হোৱা নাই। মহন্তই কয় যে বৰ্তমান বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত ২৪৩৮ গৰাকী চিকিৎসকে কৰ্মৰত আৰু আৰু ৪৫৬ গৰাকী চিকিৎসকৰ প্ৰয়োজন।

 

এআইইউডিএফৰ কৰিম উদ্দিন বৰভূঞাৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ছয়খন চিকিৎসা মহাবিদ্যালয় — শিলচৰ, যোৰহাট, ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয় (বৰপেটা), তেজপুৰ, ডিফু আৰু লখিমপুৰত জাইকাৰ অধীনত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ কাম চলি আছে। তেওঁ লগতে কয় যে আটাইকেইখন ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ প্ৰাৰম্ভিক ডিজাইনৰ কাম সম্পূৰ্ণ হৈছে আৰু এতিয়া বিশদ ডিজাইন প্ৰস্তুত কৰা হৈছে। সকলো ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ বাবে প্ৰয়োজনীয় মাটিৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ লগতে কয়।

 

Previous Post

কাছাৰ এনআইটিত ছাত্ৰৰ আত্মহত্যক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদী শিক্ষার্থীয়ে ভাঙিলে ডীনৰ গাড়ী, আৰক্ষীৰ লাঠীচালনা

Next Post

অসম বিশ্ববিদ্যালয়ৰ নতুন আচাৰ্য প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বাল অৰূপ ৰাহা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অসম বিশ্ববিদ্যালয়ৰ নতুন আচাৰ্য প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বাল অৰূপ ৰাহা

অসম বিশ্ববিদ্যালয়ৰ নতুন আচাৰ্য প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বাল অৰূপ ৰাহা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7