শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ নতুন আচার্য হৈছে প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বাল অৰূপ ৰাহা। শেহতীয়াকৈ তেওঁক এই পদত নিযুক্তি দিয়া হৈছে ৷ ইয়াৰ পূর্বে অসম বিশ্ববিদ্যালয় আচাৰ্য আছিল বিশিষ্ট কবি আৰু গীতিকাৰ গুলজাৰ। ২০১৩ চনত গুজাৰে এই পদ গ্ৰহণ কৰিছিল ৷
ভাৰতীয় বায়ুসেনাৰ ২১ সংখ্যক বায়ুসেনাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এয়াৰ চীফ মাৰ্শ্বাল অৰূপ ৰাহাই। ২০১৩ চনৰ ৩১ ডিচেম্বৰৰ পৰা ২০১৬ চনৰ ৩১ ডিচেম্বৰলৈ তেওঁ এই পদত কার্যনিবাহ কৰিছিল । ইয়াৰ উপৰিও তেওঁ ভাৰতৰ আটাইতকৈ জ্যেষ্ঠ সামৰিক বিষয়াৰ বাবে সংৰক্ষিত চীফছ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল ৷
উল্লেখ্য যে ১৯৫৪ চনৰ ২৬ ডিচেম্বৰত পশ্চিম বংগৰ হুগলী জিলাৰ বৈদ্যবাটীত জন্মগ্ৰহণ কৰিছিল অৰূপ ৰাহাই ৷ পিতৃ আছিল এজন বিখ্যাত ডাক্তৰ। অৰূপ ৰাহাই পুৰুলীয়াৰ সৈনিক স্কুলত অধ্যয়ন কৰিছিল। পৰমবিশিষ্ট সেৱা পদক, অতিবিশিষ্ট সেৱা পদক, বায়ুসেনাৰ পদক আদিৰে সন্মানিত কৰা হৈছে অৰূপ ৰাহাক । কেন্দ্ৰীয় বিশ্ববিদ্যালয় সমূহৰ আচাৰ্যক পৰম্পৰাগতভাৱে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে । আচাৰ্যৰ নিযুক্তি আৰু অপসাৰণ কৰাৰ ক্ষমতা থাকে ৰাষ্ট্ৰপতিৰ হাতত।