পাৰ্কিনছন ফাউণ্ডেচনৰ শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে সমগ্ৰ বিশ্বতে ১০ লাখতকৈ অধিক লোক এই ৰোগত আক্ৰান্ত। কিন্তু দুটা দশকৰ আগতে ১৮১৭ চনত চিকিৎসক জেমছ পাৰ্কিনছনে চিনাক্ত কৰা এই ৰোগৰ বিষয়ে মানুহৰ বিশেষ ধাৰণা নাছিল। বৰ্তমান পাৰ্কিনছন ৰোগত আক্ৰান্তৰ সংখ্যা কেৱল বৃদ্ধসকলৰ মাজতে নহয়, যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজতো চিন্তাৰ কাৰণ। কেন্সাৰৰ দৰে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যাও বাঢ়িছে। অৱশ্যে ইয়াৰ গৱেষণা অব্যাহত আছে। যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে । কেন্সাৰ থেৰাপীৰ গৱেষণাইয়ো স্বীকৃতি লাভ কৰিছে।
২০২৪ চনৰ ব্ৰেকথ্ৰু প্ৰাইজ ফাউণ্ডেচনে মূলতঃ পাৰ্কিনছন ৰোগ, চি আৰ টি চেল (CART, for molecular genetic coding) কেন্সাৰ থেৰাপী আৰু চিষ্টিক ফাইব্ৰ’ছিছৰ গৱেষণাক সন্মান জনাই আঠজন বিজ্ঞানীৰ নাম ঘোষণা কৰিছে। এই বঁটাক বিজ্ঞানৰ ক্ষেত্ৰত অস্কাৰ হিচাপে গণ্য কৰা হয়। অহা বছৰৰ ১৩ এপ্ৰিলত আমেৰিকাৰ লছ এঞ্জেলছত এই বঁটা প্ৰদান কৰা হ’ব।
পাৰ্কিনছন ৰোগৰ আশংকা থকা জিন চিনাক্তকৰণৰ ওপৰত কৰা গৱেষণাৰ বাবে টিউবিংগেন বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞানী থমাছ গেছাৰ, নেচনেল ইনষ্টিটিউট অন এজিং স্নায়ুজেনেটিচিষ্ট এন্দ্ৰিউ চিংগলটন আৰু নেচনেল হিউমেন জিনম ৰিচাৰ্চ ইনষ্টিটিউটৰ জেনেটিচিষ্ট এলেন চিণ্ড্ৰেনস্কিক বঁটা প্ৰদান কৰা হয়। এই বঁটা লাভ কৰিছে ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়াৰ ইমিউন’লজিষ্ট কাৰ্ল জুন, মেম’ৰিয়েল স্ল’ন কেটাৰিং কেন্সাৰ চেণ্টাৰৰ ইমিউন’লজিষ্ট মিচেল চেডেলেন। কাৰ্ল আৰু মিচেলে চিএআৰ টি চেল ইমিউনিটী(CAR T cell immunotherapy )ৰ বিকাশক আগুৱাই নিয়া গৱেষণাৰ বাবে এই বঁটা লাভ কৰে। চিষ্টিক ফাইব্ৰ’ছিছৰ চিকিৎসাত সংমিশ্ৰিত ঔষধ আৱিষ্কাৰ কৰাৰ বাবে ভাৰ্টেক্স ফাৰ্মাচিউটিকেলছৰ গৱেষক ছাবিন হাডিডা, পল নেগুলেস্কু আৰু ফ্ৰেড্ৰিচ ভন গুৰক বঁটা প্ৰদান কৰা হয়।