এক নতুন সেউজ ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে অসম ৷ ৰাজ্যত বৃক্ষ অৰ্থনীতিৰ নতুন অধ্যায় সূচনা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ পুৱা ‘অমৃত বৃক্ষ আন্দোলন’ৰ অংশস্বৰূপে গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ এই পদক্ষেপৰ অধীনত ১ কোটি গছপুলি ৰোপণৰ জৰিয়তে স্বচ্ছ আৰু সেউজ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত এক জন আন্দোলন গঢ়ি তোলাৰ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে ৷ জনতা ভৱনত মুখ্যমন্ত্ৰী গৰাকীয়ে এই গছপুলি ৰোপন কৰে ৷
ইয়াৰ পাছতে এখন সংবাদমেলত সম্বোধন কৰি তেওঁ কয়, ‘‘আজি আমাৰ বাবে এক গৌৰৱৰ দিন। আজি একেলগে ১ কোটি গছপুলি ৰোপন কৰা হ’ব। এই আন্দোলন যোৱা ৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছিল ৷”মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গছপুলি ৰোপন কৰি পৰিৱেশৰ প্ৰতি এক সদ্ভাৱৰ সৃষ্টি কৰিব বিচাৰিছে । আজি ৭০ লাখ পৰিয়ালক এই আন্দোলনত জড়িত কৰা হৈছে ৷
অমৃত বৃক্ষ আন্দোলনেৰে ৯টা ৰেকৰ্ড গঢ়াৰ লক্ষ্য লৈছে অসম চৰকাৰে। এই উপলক্ষে অসমে আজি ১ কোটি গছপুলি ৰোপনেৰে সর্ববৃহৎ ফটো এলবামৰ বিশ্ব ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰিব। ইয়াৰ পূর্বে কেইবাটাও বিশ্ব ৰেক’র্ডৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাইছে ৷
উল্লেখ্য যে, ৯ ছেপ্তেম্বৰৰ দিনা ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পুলিৰ সর্পিল আকৃতিৰ শাৰী কৰি প্ৰথমটো ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰে। ১০ ছেপ্তেম্বৰত ৩ লাখ ২২ হাজাৰ গছপুলি বিতৰণেৰে আনটো ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰে ৷ আনহাতে, মাৰ্ঘৰিটাত অসমৰ মেপৰ আর্হিত ৬ লক্ষ গছপুলি ৰোপণ কৰা হয় ৷চৰকাৰে আগন্তুক বছৰত ৫ কোটি গছপুলি ৰোপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি ৰোপন কৰা গছ পুলিসমূহৰ তিনি বছৰ পিছত ফটো সংগ্ৰহ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জনায় ৷