ৰাজ্য চৰকাৰে অহা ১৯ ছেপ্তেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰিব ‘মোৰ মাটি মোৰ দেশ কাৰ্যসূচী”। অহা মঙলবাৰে সকলো জিলাত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ বাবে জিলা আয়ুক্তসকলে ৰাজহুৱা সভা অনুষ্ঠিত কৰিব।আজি এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ জনতা ভৱনত এখন সংবাদমেলত তেওঁ কয় যে ইতিমধ্যে ‘মোৰ মাটি মোৰ দেশ’ অভিযানৰ অমৃত কলহ যাত্ৰাৰ শীর্ষ সংগীত মুকলি কৰা হৈছে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি অহা ২০ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ ৱাৰ্ডে ৱাৰ্ডে মাটি সংগ্ৰহ কৰা হ’ব। প্ৰতিখন গাঁও পঞ্চায়ততে ২০ টাকৈ কলহত মাটি সংগ্ৰহ কৰা হ’ব। গাঁও পঞ্চায়তলৈ অনা এই সংগৃহীত মাটি সানমিহলি কৰা হ’ব আৰু ২ৰ পৰা ৭ অক্টোবৰলৈ গাঁও পঞ্চায়ত সমূহতে মাটিখিনি ৰখা হ’ব। ৮ অক্টোবৰত তিনি শতাধিক লোকৰ উপস্থিতিৰে ব্লকলৈ এই কলহসমূহ নিয়া হ’ব। ২৫ অক্টোবৰলৈ কলহসমূহ ব্লকতে থাকিব আৰু ২৫ অক্টোবৰত ব্লকসমূহৰ পৰা গুৱাহাটীলৈ লৈ কলহসমূহ অনা হ’ব।
অসমৰ পৰা ২৯৭টা কলহ সংগ্ৰহ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে । ইয়াৰে ২৭০টা কলহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ’ব আৰু বাকী ২৭টা কলহ ২৭ অক্টোবৰত গুৱাহাটীৰ পৰা দিল্লীলৈ নিয়া হ’ব। ২৮ অক্টোবৰত এই কলহসমূহ দিল্লীৰ ছাত্ৰ–ছাত্ৰীসকলে অসম ভৱনলৈ লৈ যাব। ৩০ অক্টোবৰত দিল্লীৰ অমৃত উদ্যানত মাটিসমূহ মিহলি কৰি দিয়া হ’ব। উল্লেখ্যযোগ্য যে, সমগ্ৰ দেশৰ পৰা ৭৫০০ অমৃত কলহ সংগ্ৰহ কৰা হ’ব। অসমৰ বাকী ৰৈ যোৱা ২৭০টা কলহ অনাগত ২২ ডিচেম্বৰত গহপুৰলৈ লৈ যোৱা হ’ব।