বৰ্তমান পৃথিৱীৰ ৭০ কোটি লোকে নাজানে যে তেওঁলোকে এসাঁজ খায় আন এখাজ কেতিয়া খাবলৈ পাব ! প্ৰতি দহজনৰ ভিতৰত এজনে নিশা লঘোণে শুবলগীয়া হয় । এই হিচাপ শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ খাদ্য সংস্থাই প্ৰকাশ কৰিছে ৷ ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ কাৰ্যবাহী সঞ্চালক চিণ্ডী মেককেনে নিৰাপত্তা পৰিষদক জনোৱা মতে, অনুদানৰ অভাৱৰ বাবে খাদ্যৰ ৰেচন কৰ্তন কৰিবলগীয়া হৈছে ৷ ভৱিষ্যতেও এই কার্য অব্যাহত থাকিব ৷
চিণ্ডী হৈছে আমেৰিকাৰ প্ৰয়াত চিনেটৰ জন মেককেনৰ পত্নী। তেওঁ নিৰাপত্তা পৰিষদৰ আগত স্পষ্টকৈ কয় , “আমি এক দীৰ্ঘদিনীয়া সংকটৰ মাজেৰে পাৰ হৈছো য’ত মানৱীয় সংকট বৃদ্ধি পাইছে। এইটোৱেই এতিয়া ‘নিউ নৰ্মেল’। এই জোকাৰণি আগন্তুক বহু বছৰলৈ অনুভৱ কৰা হ’ব।” এই সংকটৰ ভিতৰত আছে সামৰিক সংঘাত, অৰ্থনৈতিক সংকট, পৰিৱেশ সংকট আৰু সাৰৰ দাম বৃদ্ধি। একত্ৰিতভাৱে বিশ্ব খাদ্য কাৰ্যসূচীৰ নিজা হিচাপ অনুসৰি ৫০খন দেশৰ ৪৭ লাখ লোক এতিয়া দুৰ্ভিক্ষৰ সীমাত আছে। পাঁচ বছৰৰ তলৰ চাৰি নিযুত শিশু তীব্ৰ পুষ্টিহীনতাত ভুগি আছে। বিশ্ব খাদ্য কাৰ্যসূচীৰ মুখ্য কাৰ্যালয় ৰোমত। তেওঁলোকে ৭৯খন দেশত কাম কৰে। ডব্লিউ এফ পিৰ মতে ২০২১ চনৰ আৰম্ভণিৰ তুলনাত এই সংখ্যা ২০ কোটি কম আছিল।
ৰাষ্ট্ৰসংঘৰ বিষয়াসকলে পোনপটীয়াকৈ স্বীকাৰ কৰিছে যে মহামাৰী আৰু ইউক্ৰেইনৰ যুদ্ধই পৰিস্থিতি অধিক অস্থিৰ কৰি তুলিছে। সাৰৰ মূল্য বৃদ্ধিৰ ফলত চাউল, ঘেঁহু, কুঁহিয়াৰ আৰু সৰিয়হৰ উৎপাদন হ্ৰাস পাইছে। এই প্ৰেক্ষাপটত ডব্লিউ এফ পিয়ে ক্ষুধা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।