মাৰ্কিন সেনাই কাবুল বিমান বন্দৰ ত্যাগ কৰাৰ লগে লগেই এক বিভৎস ৰূপত বিজয় উৎসৱ পালন কৰিলে তালিবানে। এখন মাৰ্কিন হেলিকপ্টাৰত মৃতদেহ ওলমাই আফগান আকাশমাৰ্গত তহল দি আলোড়নৰ সৃষ্টি কৰিছে তালিবানীসকলে।
অন্তিম সময়সীমাৰ এদিন পূৰ্বেই কাবুল বিমান বন্দৰ এৰিছিল মাৰ্কিন সেনাই।লগে লগেই কাবুল বিমান বন্দৰ খোপনি পুতিলে তালিবানে।তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদৰ শীৰ্ষ নেতাই বড্ৰী ৩১৩ সেনাবাহিনী লৈ কাবুল বিমান বন্দৰ দখল কৰে।
ইয়াৰপিছতেই তালিবানৰ মুখপাত্ৰসহ শীৰ্ষ নেতৃবৰ্গই এক সংবাদমেল সম্বোধন কৰি এই বিজয় সকলো আফগান লোকৰ বুলি ঘোষণা কৰি আমেৰিকান সেনাই বিকল কৰি থৈ যোৱা হেলিকপ্টাৰ বিমান আদি পৰ্যবেক্ষণ কৰে।লগতে তালিবানৰ শীৰ্ষ নেতাসকলে দেশৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰিব বুলিও দাবী কৰে।
উল্লেখ যোগ্য যে আফগান দখলৰ পৰা সমগ্ৰ বিশ্বই শিকিনি লোৱা উচিত বুলিও তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে তালিবানৰ শীৰ্ষ নেতাসকলে।লগতে দেশৰ শাসনভাৰ নিজৰ দখললৈ অনা তালিবানী সকলে বিশ্বৰ সকলো দেশৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিবলৈ আগ্ৰহী বুলিও মত প্ৰকাশ কৰে।
ইফালে মাৰ্কিন সেনাই কাবুল এৰাৰ পিছতেই বিজয় উৎসৱ পালন কৰি কান্দাহাৰ প্ৰদেশৰ আকাশ মাৰ্গত এখন মাৰ্কিন হেলিকপ্টাৰত এটা মৃতদেহ ৰছীৰে বান্ধি টহল দিয়া এটা ভি ডি অ’ই এতিয়া বিশ্বজুৰি আলোড়ন সৃষ্টি কৰি তালিবানীৰ বৰ্বৰৰোচিত নৃশংসতাৰ ছবিখন দাঙি ধৰিছে।
কান্দাহাৰ প্ৰদেশৰ আকাশত এনেদৰে মৃতদেহ ওলমাই পালন কৰা বিজয় উৎসৱত এতিয়া শংকাত ভুগিছে আফগান নাগৰিক।এই সন্দৰ্ভত তালিবানে টুইটাৰত প্ৰকাশ কৰি লিখিছে যে ’আমাৰ বায়ুসেনা।’
খবৰ অনুসৰি হেলিকপ্টাৰত ওলমাই নিয়া মৃতদেহটো এজন পুৰুষৰ আছিল আৰু তালিবানী শাসকে এজন লোকক মৃত্যুদণ্ড বিহি এনেদৰে আকাশত ঘূৰাই ফুৰিছিল।ইফালে তালিবানে নিজৰ দখলত আনিবলৈ সক্ষম নোহোৱা পঞ্জশীৰ প্ৰদেশত মংগলবাৰে নিশা প্ৰচণ্ড আক্ৰমণ চলায়।পঞ্জশীৰ প্ৰতিৰোধ বাহিনীৰ লগত হোৱা এই সংঘৰ্ষত প্ৰায় ৭-৮ জন তালিবানী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে বুলি প্ৰতিৰোধ বাহিনীৰ মুখপাত্ৰ ফাহিম ডাষ্টিয়ে প্ৰকাশ কৰিছে।