আৰক্ষী-প্ৰশাসনৰ কঠোৰ স্থিতি সত্বেও ৰেগিঙৰ দৰে কুপ্ৰথা এতিয়াও বন্ধ হৈ যোৱা নাই ৷ বৰঞ্চ বিভিন্ন শিক্ষা –প্ৰতিষ্ঠানত অব্যাহত আছে ৰেগিং ৷ এইবাৰ নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিং কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।
কণিষ্ঠ ছাত্ৰক ছাত্ৰক গুৰুলা-গুৰুলকৈ জ্যেষ্ঠ ছাত্ৰই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । দশম শ্ৰেণীৰ ৫ জন ছাত্ৰক দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ কেইবাজনো ছাত্ৰই প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে । যোৱা ৯ ছেপ্টেম্বৰৰ নিশা বিদ্যালয়খনৰ ছাত্ৰাৱাসত সংঘটিত হৈছিল ৰেগিং। ৰেগিং কাণ্ডক বিদ্যালয় কৰ্তৃপক্ষই গাপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকৰ।
১৫ ছেপ্টেম্বৰতহে কৌশলেৰে অভিভাৱকক জনাইছিল বিদ্যালয় কৰ্তৃপক্ষই। ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচী। শিক্ষক দিৱসৰ কাৰ্যসূচীত সহযোগ নকৰাৰ বাবেই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । ডিজিপি জি পি সিঙৰ হস্তক্ষেপত নলবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।