পুনৰ সংঘটিত হৈছে আন এক শোকাৱহ পথ দুর্ঘটনা ৷ নাগালেণ্ডৰ ঝুনহেবেটৰ আগ্নাটোত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। মৰিয়নী–নাগালেণ্ড পথত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত ১০জন লোকৰ মৃত্যু হৈছে ৷ ট্ৰাক আৰু এখন যাত্ৰীবাহী টাটা ছুম’ৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে লোককেইজন নিহত হৈছে ৷ এতিয়াও তেওঁলোকৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
প্ৰাপ্ত তথ্য অনুসৰি দুৰ্ঘটনাত নিহত আটাইকেউজন লোক যাত্ৰীবাহী টাটা ছুম’খনৰ যাত্ৰী ৷এই ১০জন যাত্ৰীৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ভয়াৱহ দুৰ্ঘটনাটোত প্ৰায় ২০০ ফুটত তলত পৰে দুয়োখন বাহন। নিশাৰ পৰা হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। মালবাহী ট্ৰাকৰ চালক আৰু হেণ্ডিমেনজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে।